NORTHEAST NOW (Assamese)
অসম

জৱাহৰ নবোদয় বিদ্যালয় শ্বিলং মাণ্ডলিক বাস্কেটবল প্ৰতিযোগিতাত ডিব্রুগড় গোট সৰ্বশ্ৰেষ্ট চেম্পিয়ন

Posted by: ময়ূখ গোস্বামী August 3, 2018 9:40 pm
Basketball-570x320

দৰং জিলাৰ উদমাৰীৰ জৱাহৰ নবোদয় বিদ্যালয় চৌহদত শ্বিলং মাণ্ডলিক বাস্কেটবল প্ৰতিযোগিতা-২০১৮ত  ডিব্রুগড় গোট সৰ্বশ্ৰেষ্ট চেম্পিয়ন হৈছে।জৱাহৰ নবোদয় বিদ্যালয় উদমাৰী চৌহদ ৰানাৰ্ছ আপ হিচাপে পৰিগণিত হৈছে।

বৃহস্পতিবাৰৰ ফাইনেলত ডিব্ৰুগড় গোট ল’ৰাৰ ১৭ অনূৰ্ধ্ব,  ছোৱালীৰ ১৭ অনূৰ্ধ্ব আৰু ১৯ অনূৰ্ধ্বৰ শাখাত সামগ্ৰিকভাৱে বিজয়ী হয়।

ফাইনেলত ডিব্ৰুগড় গোট ল’ৰাৰ ১৭ অনূৰ্ধ্ব গোটে বৰপেটা গোটক ২২-১০ৰ ব্যৱধানত পৰাস্ত কৰে।

আনহাতে ছোৱালীৰ ১৭ অনূৰ্ধ্ব আৰু ১৯ অনূৰ্ধ্বৰ শাখাত ডিব্ৰুগড়ে যথাক্ৰমে লখিমপুৰ গোটক ১০-৮ আৰু গোলাঘাট গোটক ১৪-৪ৰ ব্যৱধানত পৰাস্ত কৰে।

ল’ৰা আৰু ছোৱালীৰ ১৪ অনূৰ্ধ্ব শাখাত গোলাঘাট গোট মণিপুৰৰ (থৌবাল) হাতত যথাক্ৰমে ১৪-৮ আৰু ৩৬-১০ পইণ্টৰ ব্যৱধানত পৰাস্ত হয়।

ইফালে  ল’ৰাৰ ১৯ অনূৰ্ধ্ব শাখাৰ ফাইনেলত লখিমপুৰ গোটে কোহিমাক ২৬-১২ৰ ব্যৱধানত পৰাস্ত কৰে।

ফাইনেল ফেলৰ ঠিক পাছতেই অনুষ্ঠিত সামৰণি অনুষ্ঠানত দৰং জিলাৰ উদমাৰীৰ জৱাহৰ নবোদয় বিদ্যালয়ৰ অধ্যক্ষ পি ৰাজেশ আৰু অন্যন্য সন্মানীয় ব্যক্তিসকলে বিজয়ীসকলক বঁটা প্ৰদান কৰে।

উল্লেখ্য যে বুধবাৰৰ পৰা দৰং জিলাৰ উদমাৰীৰ জৱাহৰ নবোদয় বিদ্যালয় চৌহদত তিনি দিনীয়াকৈ বাৰেৰহণীয়া শ্বিলং মাণ্ডলিক বাস্কেটবল প্ৰতিযোগিতা আৰম্ভ হৈছিল।