NORTHEAST NOW (Assamese)
অসম

অসমৰ মানুহে কোনো কাৰণতেই নাগৰিকত্ব সংশোধনী বিধেয়ক মানি নলয় : অগপ

Posted by: এন ই নাও নিউজ December 21, 2017 9:46 pm

অগপ দলৰ কেন্দ্ৰীয় নেতৃবৃন্দই আজি ৰাজ্যৰ আটাইতকৈ চৰ্চিত সমস্যা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিষয়টোত দলটোৰ স্থিতি কি হ’ব তথা অন্যান্য জ্বলন্ত সমস্যাৰ বিষয়ে আলোচনা কৰিবলৈ ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰক প্ৰতিনিধিত্ব কৰা বিশিষ্ট ব্যক্তিসকলক লৈ এক নাগৰিক সভাৰ আয়োজন কৰে। এই নাগৰিক সভাৰ অন্তত দলটোৰ নেতৃত্বই কেন্দ্ৰক এই বিলখন প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনাইছে। অগপৰ নেতৃবৃন্দই কয় যে যদিহে বিলখন পাছ কৰা হয় অসম চুক্তিক অৰ্থহীন কৰা হ’ব। ছবছৰীয়া অসম আন্দোলনৰ শেষত স্বাক্ষৰিত অসম চুক্তিমতে ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অহা সকলো বিদেশী নাগৰিকক তেওঁলোকৰ জাতি, সম্প্ৰদায়, ধৰ্মীয় পৰিচয় নিৰ্বিশেষে বহিষ্কাৰ কৰিব লাগে।

উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে মূলতঃ হিন্দু বাংলাদেশীকে ধৰি বাংলাদেশ, পাকিস্তান, আফগানিস্তান আদিৰ পৰা ধৰ্মীয় নিৰ্য্যাতনৰ বলি হৈ ভাৰতলৈ অহা লোকসকলক নাগৰিকত্ব দিবৰ বাবেই নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ আনিবলৈ লৈছে। উক্ত বিধেয়কখনৰ মতে ২০১৪ চনৰ ৩১ ডিচেম্বৰলৈ এনে ধৰণৰ অনুপ্ৰৱেশকাৰীয়ে নাগৰিকত্ব পাব।

অসমৰ প্ৰায়বোৰ দল-সংগঠন, বিশিষ্ট নাগৰিকে এই বিধেয়কৰ তীব্ৰ বিৰোধিতা কৰি আহিছে। আনহাতে অগপ দলেও বিধেয়কখনৰ বিৰোধিতা কৰি আহিছে যদিও বিষয়টোত নিজৰ স্থিতি অধিক স্পষ্টকৈ নিৰ্ধাৰণ কৰিবলৈ আজিৰ নাগৰিক সভাখনৰ আহ্বান কৰিছিল। ইতিপূৰ্বে আঞ্চলিক দলটোৰ এটা দলে বিষয়টো সন্দৰ্ভত প্ৰধান মন্ত্ৰী আৰু অন্যান্য নেতাক সাক্ষাৎ কৰিবলৈ নতুন দিল্লীলৈ গৈছে।

‘নাগৰিকত্ব সংশোধনী বিল সন্দৰ্ভত ইতিমধ্যে আমি আমাৰ স্থিতি প্ৰকাশ কৰি আহিছো। আমাৰ এটা দলে প্ৰধান মন্ত্ৰীক লগ কৰিবলৈ দিল্লীলৈ যাব আৰু আজিৰ সভাখনৰ সিদ্ধান্তমৰ্মে জনাব যে অসমৰ মানুহে কোনো কাৰণতে এই সংশোধনী বিলখন অহাটো নিবিচাৰে।’ অগপৰ সভাপতি অতুল বৰাই কয়।