NORTHEAST NOW (Assamese)
অসম

১৬ আগষ্টৰ পৰা পুনৰ আন্দোলনৰ হুংকাৰ প্ৰাথমিক শিক্ষক সন্মিলনীৰ

Posted by: এন ই নাও নিউজ August 6, 2018 9:31 am
SiddharthaBhatta-570x320

অহা ১৫ আগষ্টৰ ভিতৰত দাবীসমূহ কাৰ্যকৰী নকৰিলে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে ১৬ আগষ্টৰ পৰাই আন্দোলনৰ পথ ল’ব বুলি প্ৰকাশ কৰিছে। সন্মিলনীৰ সভাপতি জীৱন চন্দ্ৰ বৰা আৰু সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীয়ে সংগঠনৰ স্থিতি সদৰী কৰি কয় যে শিক্ষা বিভাগে প্ৰতিশ্ৰুতি ভংগ কৰি ৰাজ্যৰ শিক্ষক সমাজক প্ৰৱঞ্চনা কৰিছে।

চৰকাৰৰ শিক্ষা বিভাগৰ এই প্ৰতিশ্ৰুতি ভংগ তথা প্ৰৱঞ্চনাৰ বিৰুদ্ধে অহা ১৬ আগষ্টৰ পৰা ৰাজ্যখনৰ লক্ষাধিক প্ৰাথমিক শিক্ষকে কাৰ্যালয়কেন্দ্ৰিক কামকাজ আৰু গুণোৎসৱৰ কাৰ্যসূচীত অসহযোগিতা আগবঢ়াৱ।

তেওঁলোকে জানিব দিয়ে যে যোৱা ১৯ জুনত শিক্ষামন্ত্ৰীৰ সৈতে সন্মিলনীৰ আলোচনা অনুষ্ঠিত হৈছিল আৰু আৰু উক্ত আলোচনাত শিক্ষামন্ত্ৰীয়ে ৪৫ দিনৰ ভিতৰত দাবীসমূহ নিষ্পত্তি কৰাৰ প্ৰতিশ্ৰুতি দিছিল। সেই মৰ্মে সন্মিলনীয়ে তেওঁলোকৰ আন্দোলনৰ কাৰ্যসূচী স্থগিত ৰাখিছিল।

ইপিনে শিক্ষা বিভাগে তেওঁলোকৰ দাবীসমূহ পূৰণ কৰাৰ ক্ষেত্ৰত এতিয়ালৈকে কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ প্ৰতিবাদত স্থগিত ৰখা আন্দোলনৰ কাৰ্যসূচী সন্মিলনীয়ে অহা ১৬ আগষ্টৰ পৰা পুনৰ আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

সন্মিলনীয়ে ষ্টেটপুলৰ শিক্ষকসকলৰ দৰমহা মোকলাই দিয়া, ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰিৰ নিৰাপত্তা নিশ্চিত কৰা তথা বেতন বঞ্চিত শিক্ষকসকলক কৰা বঞ্চনা বন্ধ কৰাৰ দাবী জনাইছে।