NORTHEAST NOW (Assamese)
অসম

ওদালগুৰিৰ পানেৰী চাহ বাগিচাত এন আৰ চি সন্দৰ্ভত সজাগতা সভা সম্পন্ন

Posted by: চাজিদ খান August 7, 2018 12:47 pm
awarenss-nrc-udalguri-570x320

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ (এন আৰ চি)ৰ চূড়ান্ত খচৰা প্ৰকাশৰ পিছত ৰাইজৰ মাজত সৃষ্টি হোৱা শংকা নিৰসনৰ বাবে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)ৰ পানেৰী শাখাই সোমবাৰে ওদালগুৰি জিলাৰ পানেৰী চাহ বাগিচাত এখন সজাগতা সভাৰ আয়োজন কৰে।

ছাত্ৰ সংগঠনটোৰ প্ৰতিনিধিসকলে ৰাইজক এই কথা অৱগত কৰে যে জাতি, ধৰ্ম, বৰ্ণ, ভাষা, সম্প্ৰদায় নিৰ্বিশেষে দেশৰ প্ৰকৃত নাগৰিকসকলৰ সকলোৰে নাম এন আৰ চিত অন্তৰ্ভুক্ত হ’ব।

প্ৰতিনিধিসকলে লগতে এন আৰ চিৰ চূড়ান্ত খচৰাত যিসকলৰ নাম অন্তৰ্ভুক্ত হোৱা নাই তেওঁলোকক আইনী সাহায্যকে ধৰি সকলোধৰণৰ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে।

ছাত্ৰ সংগঠনটোৰ সদস্যসকলে আইন-শৃংখলা বজাই ৰখাৰ ক্ষেত্ৰত প্ৰশাসনক সহযোগিতা আগবঢ়াবলৈ ৰাইজক আহ্বান জনায়। তেওঁলোকে লগতে কোনো সমাজ বিৰোধী চক্ৰই যাতে শান্তি-শৃংখলা বিনষ্ট কৰিব নোৱাৰে তাৰ বাবে জিলা প্ৰশাসনক চোকা দৃষ্টি ৰাখিবলৈ আহ্বান জানায়।

উক্তা সভাত বক্তব্য ৰাখে আছাৰ ওদালগুৰি জিলাৰ যুটীয়া সম্পাদক লখিন্দৰ মূলা, আছাৰ পানেৰী শাখাৰ সভাপতি আৰু সম্পাদক ক্ৰমে ৰাজা এক্কা আৰু তিলক ৰোশন বাৰাই।