NORTHEAST NOW (Assamese)
অসম

স্বাধীনতা দিৱস উদ্‌যাপনৰ সৈতে সংগতি কোকৰাঝাৰৰ জিলা প্ৰশাসনৰ দ্বাৰা দেশপ্ৰেমমূলক গীতৰ অনুষ্ঠান

Posted by: ৰিনয় বসুমতাৰী August 13, 2018 8:04 pm
IMG-20180813-WA0057

কোকৰাঝাৰৰ জিলা প্ৰশাসনে আজি ৭২ সংখ্যক স্বাধীনতা দিৱস উদ্‌যাপনৰ সৈতে সংগতি ৰাখি কোকৰাঝাৰ বাণিজ্য বিদ্যালয়ত (Commerce College, Kokrajhar) দেশপ্ৰেমমূলক গীত প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।

অতিৰিক্ত উপায়ুক্ত প্ৰফুল্ল চন্দ্ৰ বৰ্মন, দেবেশ্বৰ বৰা, এচি ভৰত কোঁৱৰ, বিদ্যালয় পৰিদৰ্শক জগদীশ প্ৰসাদ ব্ৰহ্ম, ডিআইপিআৰঅ’ গগন নাৰ্জাৰী, প্ৰতিষ্ঠানৰ মুৰব্বীসকল, বিভিন্ন বিদ্যালয়ৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলৰ উপস্থিতিত কোকৰাঝাৰৰ উপায়ুক্ত নিৰঞ্জন বৰুৱাই অএই কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে।

প্ৰতিযোগিতাখন ‘ক’ আৰু ‘খ’ এই দুটা শাখাত অনুষ্ঠিত কৰা হৈছিল। ‘ক’ শাখা মহাবিদ্যালয়ৰ আৰু ‘খ’ শাখা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিযোগিতাৰ বাবে নিৰ্ধাৰিত কৰা হৈছে।

অংশগ্ৰহণকাৰী ছাত্ৰ-ছাত্ৰীসকলৰ পৰিৱেশনৰ মাজেৰে দেশপ্ৰেমৰ সুৰ শ্ৰোতাৰ অন্তৰত ধ্বনিত হৈছিল।

‘ক’ শাখাত কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ৰ নিৰঞ্জন ব্ৰহ্ম, অনুৰাগ ব্ৰহ্ম আৰু শুগ ঘোষে ক্ৰমে প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে। ‘খ’ শাখাত এমচিএম উডলেণ্ড স্কুলৰ সুপ্ৰীয়া সুত্ৰধাৰে প্ৰথম, ফকিৰাগ্ৰাম হাইস্কুলৰ সুভ্ৰামিতা কুণ্ডুৱে দ্বিতীয় স্থান আৰু শিলগৰা হাইস্কুলৰ মৌছুমী বৰ্মনে তৃতীয় স্থান লাভ কৰে।

আনহাতে আজিৰে পৰা চিৰাঙৰ জিলা প্ৰশাসনেও স্বাধীনতা দিৱসৰ অনুষ্ঠানৰ আয়োজন কৰে। পুৱা ১০-০০ বজাৰ পৰা মিলন উদ্যানত আজি দেশপ্ৰেমমূলক গীত প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ১৪ আগষ্টৰ পুৱা ৯-০০ বজাত কাজলগাঁও হাইস্কুলত  আৰম্ভ কৰা হ’ব কলা আৰু কুইজ প্ৰতিযোগিতা। ১৫ আগষ্টত দিনজোৰা কাৰ্যসূচীৰে বিভিন্ন অনুষ্ঠান আয়োজন কৰা হ’ব।