NORTHEAST NOW (Assamese)
মেঘালয়

মেঘালয়ৰ প্ৰাক্তন ৰাজ্যপাল বানৱাৰী লাল যোশীৰ পৰলোক

Posted by: এন ই নাও নিউজ December 22, 2017 10:19 pm

মেঘালয়ৰ প্ৰাক্তন ৰাজ্যপাল বানৱাৰী লাল যোশীৰ আজি নতুন দিল্লীৰ এখন চিকিৎসালয়ত মৃত্যু হয়। চিকিৎসালয়খনত তেওঁক হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ তথা শ্বাস-প্ৰশ্বাসজনিত কষ্টৰ বাবে ভৰ্তি কৰোৱা হৈছিল। মৃত বানৱাৰী লাল যোশীৰ জন্ম হৈছিল ৰাজস্থানৰ এখন সৰু গাৱঁত আৰু তেওঁ প্ৰথমে ৰাজস্থান আৰক্ষী সেৱাৰ চাকৰি কৰিছিল। পিছত কেন্দ্ৰীয় চৰকাৰৰ অধীনত চাকৰি কৰিবলৈ লয়। ভাৰতীয় আৰক্ষী সেৱাৰ পৰা স্বেচ্ছামূলকভাৱে চাকৰি এৰি তেওঁ সমাজ সেৱাৰ কামতো ব্ৰতী হৈছিল। তেওঁ মেঘালয়ৰ উপৰি উত্তৰাখণ্ড, দিল্লী, উত্তৰ প্ৰদেশৰো ৰাজ্যপাল হিচাপে দায়িত্ব লৈছিল। মেঘালয়ত তেওঁ ২০০৭ চনত ৰাজ্যপাল হিচাপে যোগদান কৰিছিল। উত্তৰ প্ৰদেশৰ ৰাজ্যপাল হৈ থকা অৱস্থাতে মোদীৰ চৰকাৰ অহাৰ পিছতে তেওঁ ২০১৪ চনত সেই পদৰ পৰা পদত্যাগ কৰিছিল।

ৰাজ্যপালৰ উপৰি যোশীয়ে কেন্দ্ৰীয় চৰকাৰৰ গৃহ দপ্তৰতো কাম কৰিছিল আৰু ইচলামাবাদ আৰু লণ্ডনত উচ্চায়ুক্ত হিচাপেও নিযুক্ত আছিল। ৱাশ্বিংটন ডি চিৰ ভাৰতীয় দূতাৱাসতো তেওঁ চাকৰি কৰিছিল। তেওঁ সমাজ সেৱাত বিশেষ আগ্ৰহ আছিল আৰু বহুতো সমাজসেৱী সংগঠন তথা ব্যক্তিৰ সৈতে সুসম্পৰ্ক ৰাখিছিল।