NORTHEAST NOW (Assamese)
অসম

বিহালীৰ বাঘমাৰীত বাঘমৰা ব্লক কংগ্ৰেছৰ এন আৰ চিৰ ওপৰত সজাগতা সভা

Posted by: কাজি জেইদুল ইছলাম August 14, 2018 10:32 pm
NRC awareness program

উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত চলি থকা বহু প্ৰত্যাশিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ তালিকাৰ পৰা ১৯৭১ চনৰ ২৪ মাৰ্চৰ পূৰ্বৰ কোনো ব্যক্তিৰ নাম যাতে বাদ নপৰে তাৰ বাবে শেষ মুহূৰ্তলৈকে কংগ্ৰেছ দলে ভুক্তভোগী ৰাইজৰ হৈ মাত মাতি যাব বুলি কয় অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰাই।

আজি বাঘমৰা ব্লক কংগ্ৰেছৰ উদ্যোগত বৃহত্তৰ বাঘমাৰী অঞ্চলত আয়োজিত এন আৰ চি সম্পৰ্কীয় এক সজাগতা সভাত এন আৰ চি তালিকাৰ পৰা নাম বাদ পৰা সকলক ভীতিগ্ৰস্ত নহ’বলৈ আহ্বান জনাই বৰাই কয় যে, ধৰ্মীয়-ভাষিক সংখ্যালঘূ আৰু গোৰ্খা সম্প্ৰদায়ৰ লোকসকলৰ নাম তুলনামূলকভাৱে চূড়ান্ত খচৰাত কিছু বিষয়াৰ খামখেয়ালীৰ বাবে কম পৰিমাণে অন্তৰ্ভুক্ত হৈছে যদিও তেওঁলোক শংকিত হোৱাৰ প্ৰয়োজন নাই।

বাঘমৰা ব্লক কংগ্ৰেছৰ সভাপতি ভৰত কটোৱালৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উক্ত সজাগতা সভাত গহপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়িকা মণিকা বৰা, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক প্ৰেমলাল গঞ্জু, বিশ্বনাথ জিলা কংগ্ৰেছৰ সভাপতি দিলীপ বৰুৱা, বিশ্বনাথ মহিলা কংগ্ৰেছৰ সভানেত্ৰী সৰস্বতী ৰাজবংশী, বিশ্বনাথ জিলা কংগ্ৰেছৰ মুখপাত্ৰ তুষাৰ বৰাকে ধৰি বিশ্বনাথ আৰু বিহালী যুৱ কংগ্ৰেছৰ বহু কেইগৰাকী বিষয়ববীয়া উপস্থিত থাকে।