NORTHEAST NOW (Assamese)
অসম

ৰাজেন গোহাঁয়ে যিবোৰ ভাষা ব্যৱহাৰ কৰিছে, তথ্য-পাতিৰ প্ৰয়োজনে নাই, লগে লগে জেইলত দিব লাগিছিল : তৰুণ গগৈ

Posted by: কল্পজ্যোতি শইকীয়া August 14, 2018 10:34 pm
tarun gogoi rajen gohain

“জ্যেষ্ঠ মন্ত্ৰী হিচাপে ৰাজেন গোহাঁয়ে যিবোৰ ভাষা ব্যৱহাৰ কৰিছে, তথ্য-পাতিৰ প্ৰয়োজন নাই,  তেওঁকতো লগে লগে জেইলত দিব লাগিছিল।”

মঙলবাৰে দিচপুৰৰ মানবেন্দ্ৰ শৰ্মা চৌহদত মহিলা প্ৰদেশ কংগ্ৰেছ কমিটিয়ে কেন্দ্ৰীয় ৰেইল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁইৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ অন্তত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে এই মন্তব্য কৰে।

তদুপৰি তেওঁ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু আৰক্ষী -সকলোবোৰ শুই থকা বুলিও সংবাদ মাধ্যমৰ আগত কয়।

গগৈয়ে কয়, “বিজেপি দলত যদি কোনোবাই যোগদান কৰে, তেন্তে তেওঁলোকৰ ধৰ্ষণ কৰাৰ অধিকাৰ আছে। মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজেন গোহাঁইক দিয়া ৰক্ষণাবেক্ষণ আৰু আৰক্ষীৰ নিৰ্বিকাৰ ভূমিকাই এইটোৱেই বুজাইছে।”

তেওঁ অভিযোগ কৰে যে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰেইল মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে এনে গুৰুতৰ অভিযোগ উঠাৰ পাছতো তেওঁক ৰক্ষণাবেক্ষণ দি আছে।

আনহাতে, গগৈয়ে সংবাদ মাধ্যমৰ আগত বিজেপিক প্ৰত্যাহ্বান জনাই কয় যে তেওঁলোকে অডিঅ’টোত ৰাজেন গোহাঁইৰ মাত নহয় বুলি কৈ দেখুৱাওক।

তাৎপৰ্য্যপূৰ্ণভাৱে তৰুণ গগৈয়ে লগতে কয়, “হিমন্তই আওপকীয়াকৈ ক’ব বিচাৰিছে যে তেওঁৰ অডিঅ’টো সঁচা। হিমন্তই ভাল কথাই কৈছে। তেওঁ নিজেই প্ৰমাণ কৰি দিলে যে এইটো ৰাজেন গোহাঁইৰ মাত। তেওঁক মই ধন্যবাদ দিব লাগিব, তেওঁ ধন্যবাদৰ পাত্ৰ।”

“অৱশ্যে কি কাৰণে হিমন্তই এই কথা উত্থাপন কৰিছে নাজানো, হিমন্তক বুজাটো দিগদাৰ।” গগৈয়ে এইদৰে কয়।

তেওঁ লগতে কয় “ৰাজেন গোহাঁইৰ মাতটো ময়ো চিনি পাওঁ। যদি সেইটো মাত হয়, তেন্তে বেলেগ তথ্য-পাতিৰ প্ৰয়োজন আছে নেকি?”

“ৰেইলতে মহিলাৰ সুৰক্ষা নাইকিয়া হৈছে। ৰেইল মন্ত্ৰীয়েই যদি ধৰ্ষণকাৰী হয় , তেন্তে অসমৰ মানুহে ৰেইলত কেনেকৈ যাত্ৰা কৰিব?” প্ৰশ্ন প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীৰ।

ইয়াৰোপৰি তেওঁ স্বভাৱসুলভভাৱে বিজেপিক সমালোচনা কৰি কয় যে বেলেগ দলত দুৰ্নীতি কৰি গ’লেও সন্ন্যাসী হৈ যায়। লগতে তেওঁলোকৰ দললৈ গ’লে সেইবোৰক প্ৰায়শ্চিত্ত কৰি দিয়া হয় বুলিও গগৈয়ে কটাক্ষ কৰে।