NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰৰ ডিমৌত স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ৰাইজক বিশেষ আমোদ হাবুল গগৈৰ

Posted by: হিতোজ্জ্বল চেতিয়া August 14, 2018 10:35 pm

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত শিৱসাগৰ জিলাৰ ডিমৌ চাৰিআলিত দেখা দিয়া এখন বিশেষ দুচকীয়া বাহনে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে

বাজাজ কোম্পানিৰ ডিমৌস্থিত দুচকীয়া বাহন বিক্ৰী প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী হাবুল গগৈয়ে এখন বগা ৰঙৰ পুৰণি বাজাজ স্কুটাৰত জাতীয় পতাকাৰে সজাই বাহনখনৰ ওপৰত যান-বাহনৰ চলাওঁতে বলগীয়া সুৰক্ষাৰ শ্লগান লিখি এক অভিনৱ পদ্ধতিৰে ডিমৌ চাৰিআলিত বিভিন্নজনক স্বাধীনতা দিৱসৰ শুভেচ্ছা জনোৱা দেখা গৈছে

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত এনে ধৰণে ৰাইজক আমোদ দিবলৈ কৰা প্ৰচেষ্টাই অতি কম সময়তে ৰাইজৰ মাজত জনপ্ৰিয়তা লাভ কৰিছে।

বাহনখন চাবলৈ ডিমৌত বৰ্তমান ৰাইজৰ হেতাওপৰা লাগিছে