NORTHEAST NOW (Assamese)
অসম

নগাঁৱত অঘটন : পুখুৰীত পিণ্ড দিবলৈ গৈ ৰহস্যজনক ভাৱে সন্ধানহীন যুৱক

Posted by: মিণ্টু দাস August 14, 2018 11:13 pm
Youth drowned in pond

নগাঁও জিলাৰ কাছমাৰীৰ বৰভেটী নাথগাঁৱত আত্মীয়ৰ পিণ্ড দিবলৈ গৈ পুখুৰীত এজন যুৱক সন্ধানহীন হোৱা ঘটনাই সমগ্ৰ কাছমাৰী অঞ্চলতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, কাছমাৰীৰ বৰভেটিৰ যুৱক জোনাৰাম নাথে তেখেতৰ খুৰাকৰ মৃত্যুৰ অস্থি ঘৰৰ ওচৰৰে এটা পুখুৰীত দিবলৈ গৈছিল। কিন্তু ৰহস্যজনক ভাৱে অস্থি দি উঠি স্নান কৰাৰ উদ্দেশ্য পুখুৰীত ডুব দিয়াৰ পিছত তেওঁ আৰু বাহিৰলৈ ওলাই নাহিল।

এই খবৰ অঞ্চলটোত বিয়পি পৰাৰ লগে লগে স্থানীয় ৰাইজ যুৱকজনৰ সন্ধানত নামী পৰাৰ লগতে নগাঁৱৰ এছ ডি আৰ এফ বাহিনীক খবৰ দিয়ে।

খবৰ লাভ কৰি এছ ডি আৰ এফ বাহিনী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও বাতৰি লিখা সময়লৈকে যুৱকজনৰ সন্ধান উলিয়াব পৰা নাই।