NORTHEAST NOW (Assamese)
অসম

‘নাগা স্বাধীনতা দিৱস’: কেম্প হেব্ৰনত উলহ-মালহেৰে উদযাপন এন এচ চি এন (আই এম)ৰ

Posted by: এন ই নাও নিউজ August 14, 2018 11:17 pm
Naga-Independence day

এন এচ চি এন (আই এম)ৰ মুখ্য কাৰ্য্যালয় কেম্প হেব্ৰনত ব্যাপক কাৰ্য্যসূচীৰে মঙলবাৰে ৭২ সংখ্যক নাগা স্বাধীনতা দিৱস উদযাপন কৰে বিদ্ৰোহী সংগঠনটোৱে।

নাগা জনসাধাৰণক স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰি নাগাসকল বৰ্তমান বাহিৰা শক্তিৰ পৰা সুৰক্ষিত বুলি মন্তব্য কৰে সংগঠনটোৰ উপাধ্যক্ষ খ’লি কন্যাকে। ‘ভাৰত চৰকাৰে আমাৰ ইতিহাস আৰু ৰাজনৈতিক অধিকাৰক স্বীকাৰ কৰিছে আৰু স্বীকৃতি দিছে,’ কন্যাকৰ মন্তব্য।

কন্যাকৰ লিখিত বাৰ্তা অনুষ্ঠানটোত পাঠ কৰে গৃ্হ মন্ত্ৰী (kilo kilonser) হুকাভি য়েপথমিয়ে।

NSCN-IM naga independence day
নাগা স্বাধীনতা দিৱসৰ পেৰে’ড

ভাৰত চৰকাৰৰ সৈতে এতিয়া পাতিব লগা বিশেষ কথা নাই বুলিও কন্যাকৰ ভাষণত কোৱা হৈছে। ‘ভাৰত চৰকাৰৰ সৈতে ইমান বছৰে আমি কৰিব লগাখিনি কৰিলো, এতিয়া আৰু বিশেষ কৰিব লগা নাই। ঈশ্বৰ যেতিয়া আমাক লৈ সন্তুষ্ট হ’ব তেতিয়াই চূড়ান্ত সমাধান আহিব,’ উপাধ্যক্ষজনৰ ঘোষণা।

জাতি হিচাপে নাগাসকল বাচি থাকিবৰ বাবে নাগাসকলে নিজৰ মাজত থকা ভেদভাব পৰিহাৰ কৰিব লাগিব বুলিও তেওঁ মন্তব্য কৰে।

চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে নাগা সংগঠনটোৱে শত্ৰুতা ৰাখিব নোখোজে বুলিও তেওঁ মন্তব্য কৰে। কন্যাকে কয় যে চুবুৰীয়াসকলৰ ‘ইতিহাস আৰু অধিকাৰক’ এন এচ চি এনে সন্মান কৰে।

নাগাসকলে ভাৰততকৈ এদিন পূৰ্বেই ১৯৪৭ চনৰ ১৪ আগষ্টত বৃটিশ্বৰ বিৰুদ্ধে স্বাধীনতা ঘোষণা কৰিছিল।