NORTHEAST NOW (Assamese)
অসম

যৌন কেলেংকাৰিত অভিযুক্ত ৰাজেন গোহাঁইৰ বিৰুদ্ধে নগাঁৱত কংগ্ৰেছৰ প্ৰতিবাদ

Posted by: এন ই নাও নিউজ August 14, 2018 11:25 pm

কেন্দ্ৰীয় ৰে’ল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁইৰ বিৰুদ্ধে উত্থাপিত যৌন নিৰ্যাতনৰ ঘটনাক কেন্দ্ৰ কৰি আজিও জিলাখনত প্ৰতিক্ৰিয়া অব্যাহত আছে।

ৰাজেন গোহাঁইয়ে প্ৰতিনিধিত্ব কৰা নগাঁও লোকসভা সমষ্টি তথা তেখেতৰ নিজা গৃহ জিলাৰ মাজ-মজিয়াত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নগাঁও জিলা যুৱ কংগ্ৰেছ আৰু এন এছ ইউ আই কৰ্মীয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি উত্তাল পৰিৱেশৰ সৃষ্টি কৰে।

কেইবা শতাধিক কৰ্মী ৰাজপথত উলাই আহি ৰাজেন গোহাঁই গ’বেক, ৰাজেন গোহাঁই মুৰ্দাবাদ আদি ধ্বনিৰে নগাঁও চহৰৰ আকাশ-বতাহ উত্তাল কৰি তোলে। সংগঠনটোৰ প্ৰতিবাদকাৰী সকলে গোহাঁইৰ প্ৰতিকৃতিও দাহ কৰে।

প্ৰতিবাদকাৰীসকলে, ৰাজেন গোহাঁইয়ে অতি শীঘ্ৰে কেন্দ্ৰীয় মন্ত্ৰিত্বৰ পৰা পদত্যাগ কৰাৰ লগতে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষী প্ৰশাসনক দাবী জনায়।

উল্লেখযোগ্য যে কেন্দ্ৰীয় ৰে’ল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁইৰ বিৰুদ্ধে জিলাখনৰ দেউৰী গাঁৱৰ এগৰাকী বিবাহিতা মহিলাই তেওঁক চাকৰি দিয়াৰ প্ৰলোভনেৰে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত নগাঁও সদৰ থানাত এক গোচৰ ৰুজু কৰিছিল।