NORTHEAST NOW (Assamese)
অসম

বিভিন্ন দল-সংগঠনৰ শতাধিক কৰ্মীয়ে যোগদান কৰিলে এন পি পি দলত

Posted by: এন ই নাও নিউজ March 20, 2019 7:27 am
NPP-1-768x480

অসমৰ ৰাজনীতিত নতুনকৈ আত্মপ্ৰকাশ হোৱা নেশ্যনেল পিপলছ পাৰ্টী চমুকৈ এন পি পি দলেও আন ৰাজনৈতিক দল সমূহৰ দৰে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ব্যাপক কুচকাৱাজ আৰম্ভ কৰিছে।

নিৰ্বাচনৰ পূৰ্বে দলটোৱে নিজৰ সাংগঠনিক ভেটি মজবুত কৰাৰ উদ্দেশ্যে যোৱা ১৭ মাৰ্চত গোৱালপাৰা চহৰৰ হজ ভৱনত ইমিছা বেগমৰ সভাপতিত্বত এখন যোগদান সভা অনুষ্ঠিত কৰা হয়।

সভাখনত মিঞা পৰিষদ আৰু এন চি পি দলকে ধৰি বিভিন্ন ৰাজনৈতিক দলৰ প্ৰায় শতাধিক কৰ্মীয়ে দলৰ প্ৰতি আকৃষ্ট হৈ তথা শক্তিশালী আঞ্চলিক ৰাজনীতিৰ স্বাৰ্থত এন পি পি দলত যোগদান কৰে।

এই যোগদান সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি দলটোৰ ৰাজ্যিক আহ্বায়ক দীপক ফুকনে কয় যে দিল্লীয়ে সদায় অসমৰ লগতে উত্তৰ-পূবক মাহীআইৰ দৃষ্টিৰে চাই আহিছে। সেয়ে আমি এন পি পি দলৰ কণ্ঠৰে জনাই দিব বিচাৰো যে উত্তৰ-পূবক আৰু শোষণ কৰিবলৈ দিয়া নহ’ব।

ইয়াৰ উপৰি শাসনাধিষ্ঠ দল বিজেপি আৰু পুনৰ নিৰ্লজ্জ আত্মসমৰ্পণৰে বিজেপিৰ মিত্ৰতা কৰা অগপ দলকো ক্ষুৰধাৰ সমালোচনা কৰে ফুকনে।

উক্ত যোগদান কাৰ্যসূচীত অভিজিত তালুকদাৰ, গৌৰী হাজৰিকা, তিলক চাংমা, মধুমণি বড়ো, অনন্ত গোস্বামী আদি উপস্থিত থাকি সাংগঠনিক দিশৰ লগতে সাম্প্ৰতিক সময়ত এই দলটোৰ প্ৰয়োজনীয়তা আদি দিশত বক্তব্য ৰাখে।