NORTHEAST NOW (Assamese)
অসম

বাজপেয়ীৰ মৃত্যুত শোক : বিজেপিৰ বাজিয়াগাওঁ মণ্ডল সমিতিৰ দহ দিনীয়া পিতৃ ব্ৰত পালন

Posted by: বিদুৎ জ্যোতি বৰা August 17, 2018 12:40 pm
বাজিয়াগাওঁ বিজেপি

দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যুত সমগ্ৰ দেশবাসী শোকত ম্ৰিয়মান হোৱাৰ সময়তে নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অধীনৰ বিজেপিৰ বাজিয়াগাওঁ মণ্ডল সমিতিয়ে এক অভিনৱ শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

বৃহস্পতিবাৰে মৃত্যুক আঁকোৱালি লোৱা ভূতপূৰ্ব প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ প্ৰতি শেষ শ্ৰদ্ধা জনাই বিজেপিৰ বাজিয়াগাওঁ মণ্ডল সমিতিৰ সমৃহ কৰ্মকৰ্তাই কালি নিশাৰ পৰাই দহ দিন পৰ্যন্ত পিতৃ ব্ৰত পালনেৰে অনাহাৰে থাকিব বুলি বিজেপি সভাপতি বীৰেণ শইকীয়াই জানিবলৈ দিয়ে।

প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ মৃত্যুত সমগ্ৰ দেশৰ লগতে অসমতো নেতাগৰাকীৰ মৃত্যুত বিভিন্নজনে শোক প্ৰকাশ কৰিছে। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি প্ৰয়াত প্ৰধানমন্ত্ৰীগৰাকীৰ বিশেষ সু-দৃষ্টি থকাৰ কথা বহুলভাৱে চৰ্চিত হৈ আহিছে।

আনহাতে,আজি শেষকৃত্য সম্পন্ন হ’বলগীয়া বাজপেয়ীলৈ অন্তিম শ্ৰদ্ধা নিবেদনৰ বাবে অসমৰ বহু কেইগৰাকী নেতা নতুন দিল্লীত গৈ উপস্থিত হৈছে।