NORTHEAST NOW (Assamese)
অসম

চাহ জনজাতি ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক দিশৰ ওপৰত মাৰ্ঘেৰিটাত সজাগতা সভা

Posted by: মানস প্ৰতিম গগৈ August 19, 2018 7:26 pm
Awareness program

ভাৰতীয় চাহ মজদুৰ সংঘৰ মাৰ্ঘেৰিটা শাখাৰ উদ্যোগত আজি পাৱৈ চাহ বাগিচাৰ চাহ শ্ৰমিক সমূহীয়া উন্নয়ন কেন্দ্ৰত এখন সজাগতা সভা তথা আলোচনা চক্ৰ অনুষ্ঠিত হয় ৷ সভাত চাহ জনজাতি ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক দিশ আৰু চাহ জনজাতি আৰু প্ৰাক্তন চাহ জনজাতি ছাত্ৰ-ছাত্ৰীসকলৰ বাবে গ্ৰহণ কৰা আঁচনিৰ সন্দৰ্ভত এখন সজাগতা মূলক আলোচনা চক্ৰ সম্পন্ন হয় ৷

উক্ত সভাত তিনিচুকীয়া জিলাৰ সহকাৰী উপায়ুক্ত বিক্ৰম কৈৰী, ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেন ফুকন, ভাৰতীয় চাহ মজদুৰ সংঘৰ জিলা, ৰাজ্যিক পৰ্য্যায় তথা শাখা সমূহৰ বিষয়ববীয়া তথা তিনিচুকীয়া জিলাৰ বহুকেইখন চাহ বাগিচাৰ চাহ জনজাতিৰ ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে।

তিনিচুকীয়া জিলাৰ সহকাৰী উপায়ুক্ত বিক্ৰম কৈৰীয়ে সভাত উপস্থিত থাকি ভাষণ প্ৰসংগত কয় চাহ জনজাতি ছাত্ৰ-ছাত্ৰীসকলে শিক্ষাৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিলেহে তেওঁলোকৰ সমাজত দীৰ্ঘদিন ধৰি চলি অহা বিভিন্ন সমস্যা সমাধান কৰিব পাৰিব। তেওঁ চৰকাৰে গ্ৰহণ কৰা বিভিন্ন আঁচনি সম্পৰ্কে সজাগ হ’বলৈ উপস্থিত সকলোকে আহ্বান জনায়।

আনহাতে, চাহ জনজাতিৰ ছাত্ৰ-ছাত্ৰীসকলে বহু সময়ত অজ্ঞতাৰ বাবে বহু চৰকাৰি আঁচনিৰ লাভৰ পৰা বঞ্চিত হৈ আহিছে বুলি আজি সভাত উপস্থিত থকা একাংশ অভিভাৱক তথা ছাত্ৰ-ছাত্ৰীয়ে মত ব্যক্ত কৰে। আজিৰ সভাই সময়ে সময়ে সজাগতামূলক আলোচনা চক্ৰ অনুষ্ঠিত কৰি যাবলৈ সংশ্লিষ্ট বিভাগ সমূহৰ প্ৰতি আহ্বান জনায়।