NORTHEAST NOW (Assamese)
অসম

এইখন মেলা পতা চৰকাৰ; অসমৰ মানুহে মেলা পাতিবলৈ তেওঁলোকক ভোট দি জিকোৱা নাছিল : তৰুণ গগৈ

Posted by: কল্পজ্যোতি শইকীয়া August 24, 2018 8:39 pm
Tarun Gogoi

“পুলিচক নিযুক্তিপত্ৰ দিবলৈও এইখন চৰকাৰে মেলা পাতে। প্ৰতিটো নিযুক্তিতে মেলা পাতি অযথা টকা খৰচ কৰিছে চৰকাৰখনে। এইখন মেলা পতা চৰকাৰ। ৰাজ্য চৰকাৰে মেলা পাতি কিমান খৰচ কৰিলে ৰাইজক তাৰ হিচাপ দিয়ক। তেওঁলোকক অসমৰ মানুহে মেলা পাতিবলৈ ভোট দি জিকোৱা নাই। উন্নয়ন কৰিবলৈ জিকাইছিল। অসমৰ মানুহে হিমন্ত, সৰ্বানন্দৰ ফটো তথা হৰ্ডিং দেখিয়েই ভোট নিদিয়ে। দুয়োজন সাইলাখ কৃষ্ণ, সাজ পাৰ দেখি কৃষ্ণ নিচিনা লাগে।” আজি নিজৰ চৰকাৰী বাসভৱনত এখন সংবাদমেল পাতি এইদৰে সৰৱ হৈ পৰে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ।

ৰাস্তা-ঘাটৰ দুৰৱস্থা আঙুলিয়াই দি ‘কংগ্ৰেছে নিৰ্মাণ কৰা ৰাস্তাকেইটাকে বিজেপিয়ে মেৰামতি কৰিব পৰা নাই’ বুলি কয় গগৈয়ে। মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক কটাক্ষ কৰি তেওঁ কয়, “মুখ্য মন্ত্ৰীৰ সমষ্টিৰ ৰাস্তাই বেয়া। সেয়ে তেওঁ হেলিকপ্তাৰেৰে যায়।”

ইয়াৰোপৰি বিজেপিয়ে এন আৰ চিক লৈ সস্তীয়া ৰাজনীতি কৰিছে বুলি কৈ কয়, “বিজেপিৰ সাহস আছে যদি অন্য ৰাজ্যতো এন আৰ চি কৰি দেখুৱাওক।”

আনহাতে এন আৰ চিত বাৰপাচি ভুল থকা বুলিও কয় প্ৰাক্তন মুখ্য মন্ত্ৰীজনে। “বহু সৈনিকৰো নাম নাই এন আৰ চিত। অসমীয়া বঙালী নেপালী, দেউৰী সকলোৰে নাম বাদ পৰিছে। নিৰ্বাচনী আয়োগৰতো ভুল নহয় ভোটাৰ তালিকা প্ৰস্তুত কৰোঁতে, কিন্তু এন আৰ চিত হাজাৰ হাজাৰ বিষয়া-কৰ্মী থাকিও বহুতো ভুল ৰৈ গৈছে।”

কেন্দ্ৰীয় ৰেইল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁইৰ বিৰুদ্ধে এগৰাকী মহিলাই দিয়া ধৰ্ষণৰ গোচৰ সন্দৰ্ভত কয়, “ৰাজেন গোহাঁইৰ বিৰুদ্ধে কোনো তদন্ত নকৰিলে, বেলেগ মানুহ হোৱা হেঁতেন দোষী সাব্যস্ত হৈ জেইললৈ যাব লগা হ’লহেঁতেন।”

আনহাতে গগৈয়ে ‘কেৰালাৰ পৰা আমি বানপানীৰ ভয়াৱহতা শিকিব লাগে।’ বুলি কৈ কয়, “কেৰালাত বানপানী প্ৰথম হৈছে বাবে পাব্লিচিটি বেছিকৈ পালে। অসমতো বানপানী, গৰাখহনীয়া হয়।” তেওঁ নয়ন শৰ্মাক বৃহৎ নদীবান্ধৰ বিশেষজ্ঞ হিচাপে ল’বলৈ আহ্বান জনায় চৰকাৰক।

আনহাতে আৰ এন ৰবিৰ মন্তব্য সন্দৰ্ভত গগৈয়ে কয়, “ৰবিয়ে কৈছে অসমৰ সীমাত থকা নাগালেণ্ডৰ মানুহক বিশেষ মৰ্য্যদা দিব লাগে। কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপ নাই। ৰাজ্য চৰকাৰে বিচাৰিলে দিব পাৰে। অসমৰ মানুহ বেলেগত থাকিলে বেলেগ ৰাজ্যই দিব নেকি? কেতিয়াও নিদিয়ে। আজি নাগাক বিশেষ মৰ্যদা দিলে বিহাৰী বঙালী, খাচিয়েও বিচাৰিব।”