NORTHEAST NOW (Assamese)
অসম

বোকাখাতৰ কাৰাটে খেলুৱৈ নিৰঞ্জন পেগুৰ ব্লেক বেল্ট ফাৰ্ষ্ট ডানৰ খিতাপ লাভ

Posted by: উত্তম শইকীয়া August 27, 2018 9:25 pm
Bokakhat Karate Player Niranjan Pegu

বোকাখাতৰ নিৰঞ্জন পেগুৱে ৱৰ্ল্ড ট্ৰেডিচনেল চট’কান কাৰাটে ফেডাৰেচনৰ পৰা কেৰাটে ড’ৰ ব্লেক বেল্ট ফাৰ্ষ্ট ডান সুখ্যাতিৰে সম্পন্ন কৰি বোকাখাতলৈ সুনাম কঢ়িয়াই আনিছে।

২৪ আগষ্টৰ পৰা গুৱাহাটীৰ ভাগ্যেশ্বৰী ফুকননী ইণ্ডৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা তিনি দিনীয়া সমৰ কলাৰ প্ৰশিক্ষণ শিৱিৰত অংশ গ্ৰহণ কৰি তেওঁ ৱৰ্ল্ড ট্ৰেডিচনেল চট’কান কাৰাটে ফেডাৰেচনৰ পৰা কাৰাটে ড’ৰ ব্লেক বেল্ট ফাৰ্ষ্ট ডান সুখ্যাতিৰে সম্পন্ন কৰি ব্লেক বেল্ট আৰু মানপত্ৰ লাভ কৰিছে।

নিৰঞ্জন পেগুৱে বিগত সময় চোৱাত বোকাখাতৰ কাৰাটে ড’ একাডেমীত প্ৰশিক্ষক দুল ফুকনৰ তত্তাৱধানত সমৰ কলা কাৰাটে ড’ৰ শিক্ষা গ্ৰহণ কৰিছিল। তেওঁ বোকাখাতৰ উদয় নগৰৰ বাসিন্দা বেজিয়া পেগুৰ পুত্ৰ ৷

উল্লেখযোগ্য যে চলিত বৰ্ষত গোলাঘাট জিলাৰ দুগৰাকী খেলুৱৈয়েহে ব্লেক বেল্ট পাবলৈ সক্ষম হৈছে।