NORTHEAST NOW (Assamese)
অসম

মাজুলীৰ কমলাবাৰীত এচবিআইৰ শাখা আৰু এটিএম মুকলি

Posted by: মিটু খাটনিয়াৰ August 29, 2018 7:38 pm
WhatsApp Image 2018-08-29 at 3.13.20 PM

 

দীৰ্ঘদিনে মাজুলীৰ মুখ্য ব্যৱসায়িক স্থান কমলাবাৰীত ষ্টেট বেংকৰ কোনো শাখা নথকাত গ্ৰাহকসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আহিছিল। শেহতীয়াভাৱে ষ্টেট বেংক কৰ্তৃপক্ষই কমলাবাৰীত ষ্টেট বেংকৰ এটা শাখা মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

আজি কমলাবাৰীৰ ভাৰতীয় ষ্টেট বেংকৰ সেই বহু প্ৰত্যাশিত শাখাটো আনুষ্ঠানিকভাৱে উন্মোচন তথা গ্ৰাহকৰ সেৱাৰ বাবে মুকলি কৰাৰ ফলত এই অঞ্চলৰ ৰাইজৰ এটা দীৰ্ঘদিনীয়া সমস্যাৰ ওৰ পৰিছে।

আজি মাজুলীৰ কমলাবাৰীত ভাৰতীয় ষ্টেট বেংকৰ শাখাটোৰ লগতে এটা এটিএমও মুকলি কৰা হয়। এই উদ্দেশ্যে অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰি মাজুলীৰ উপায়ুক্ত দেৱ প্ৰসাদ মিশ্ৰ আৰু আৰক্ষী অধীক্ষক হিতেশ কুমাৰ ৰয়ে ভাৰতীয় ষ্টেট বেংকৰ বহু শাখাটো ৰাইজৰ উদ্দেশ্য মুকলি কৰে।

উদ্বোধনী অনুষ্ঠানত মাজুলীৰ জ্যেষ্ঠ নাগৰিকসকলৰ লগতে মাজুলীৰ বিভিন্ন প্ৰান্তৰ পৰা সমৱেত হোৱা এছবিআইৰ গ্ৰাহকসকল উপস্থিত থাকে।