NORTHEAST NOW (Assamese)
অসম

অহা ৮-৯ ছেপ্টেম্বৰত দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকত আলোচনা হ’ব এন আৰ চি প্ৰসংগ

Posted by: এন ই নাও নিউজ September 2, 2018 10:43 am
State-BJP-Chief-Ranjit-Dass-Centre-with-Mangalai-MP-Ramen-Deka-Right-and-President-Darrang-BJP-Nilima-Devi-at-a-party-meet-in-Mangaldai-on-Saturday-570x320

অহা ৮ আৰু ৯ ছেপ্টেম্বৰত দিল্লীত অনুষ্ঠিত হ’বলগীয়া বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভাত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস আৰু অসমৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সদস্যসকলে অংশগ্ৰহণ কৰিব।

জানিব পৰা মতে, দিল্লীত অনুষ্ঠিত হ’বলগীয়া উক্ত কাৰ্যনিৰ্বাহক সভাত অসমৰ এন আৰ চিৰ বিষয়ে আলোচনা কৰা হ’ব। বিশেষকৈ অসমত প্ৰস্তুত হৈ থকা এন আৰ চি আন ৰাজ্যতো কেনেদৰে প্ৰস্তুত কৰিব পাৰি সেই সম্পৰ্কে আলোচনা হোৱাৰ কথা আছে।

আনহাতে, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসৰ সভাপতিত্বত শনিবাৰে দলৰ গুৱাহাটী কাৰ্যালয়ত বিজেপিৰ বিষয়ববীয়াসকলৰ এখন সভা অনুষ্ঠিত হয়। বিজেপিৰ বিষয়ববীয়াসকলৰ এই সভাত দলৰ সৰ্বোচ্চ নীতি নিৰ্দ্ধাৰক সমিতি ৰাষ্ট্ৰীয় পৰিষদলৈ ২০১৮-১৯ বৰ্ষৰ কাৰ্যকালৰ বাবে ১৪গৰাকী সদস্যক মনোনীত কৰা হয়।

লোকসভা সমষ্টিভিত্তিত মনোনীত এই  সদস্যসকল হ’ল ক্ৰমে কৰিমগঞ্জৰ মুন স্বৰ্ণকাৰ, শিলচৰৰ নীহাৰ দাস, ডিফুৰ খংছিং ৰংপি, ধুবুৰীৰ অশ্বিনী ৰায় সৰকাৰ, কোকৰাঝাৰৰ ডঃ চিটুম বসুমতাৰী, বৰপেটাৰ হেমগিৰী কোচ, গুৱাহাটীৰ প্ৰফুল্ল বৰুৱা, মঙলদৈৰ ডঃ মৃগাংক তালুকদাৰ, তেজপুৰৰ তুলসী বৰঠাকুৰ, নগাঁৱৰ ৰেখা শৰ্মা, কলিয়াবৰৰ ডঃ মৃদুল দত্ত, যোৰহাটৰ অনুপ সিং ৰাজপুৰোহিত, ডিব্ৰুগড়ৰ শশাংক দেৱ ফুকন আৰু লখিমপুৰৰ গজেন্দ্ৰ সিং।