NORTHEAST NOW (Assamese)
অসম

চামগুৰিত পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত তিনিজন লোক

Posted by: বিদ্যুত জ্যোতি বৰা September 2, 2018 1:16 pm
accident

নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত তথা চামগুৰি আৰক্ষী থানাৰ পৰা প্ৰায় দুশ মিটাৰ আঁতৰত আজি পুৱা প্ৰায় ৬-৩০ বজাত চামগুৰি গড়কাপ্তানি পৰিদৰ্শন ভৱনৰ সন্মুখৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন যাত্ৰীবাহী টেম্পুক ডাম্পাৰ এখনে প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে। ইয়াৰ ফলত টেম্পু চালকসহ তিনি যাত্ৰী গুৰুতৰভাৱে আঁহত হয় ।

জানিব পৰা মতে চামগুৰি পৰা নগাঁও অভিমুখে গৈ থকা এ এছ ০২ বি চি ২৯১৪ নম্বৰৰ টেম্পুখন চামগুৰি আই বিৰ সন্মুখত একে দিশৰ কলিয়াবৰৰ পৰা নগাঁও অভিমুখে আহি থকা এখন ডাম্পাৰ গাড়ীয়ে টেম্পুখনক  খুন্দা মাৰি দ খাৱৈত পেলাই পলায়ন কৰে।

দুৰ্ঘটনাটোৰ ফলত টেম্পুখনৰ চালক দীপাংকৰ বৰা, যাত্ৰী ক্ৰমে চামগুৰিৰ নিবাসী কুলচুম বানু  (৫৫) আৰু গটংগাৰ নিবাসী ৰুহিত দাস চন্দ্ৰ বৰ্মন  (৪৩) গুৰুতৰভাৱে আঁহত হয়।

দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত ঘটনাস্থলীত চামগুৰি আৰক্ষী উপস্থিত হৈ আহত কেইজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখনৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰে।