NORTHEAST NOW (Assamese)
অসম

মানৱতাৰ দুৰ্দিন : কোকৰাঝাৰত পেলাই থৈ যোৱা সদ্যোজাত শিশু সুস্থ অৱস্থাত উদ্ধাৰ

Posted by: ৰিনয় বসুমতাৰী September 3, 2018 10:44 pm
Infant-recovered-570x320

‘জীৱশ্ৰেষ্ঠ মানৱ’ অভিধাটোক চৰম অপমান কৰি কোকৰাঝাৰ চহৰৰ ডালোৱাৰী চাহ বাগানৰ বাংলাবাৰীত আজি এটি সদ্যোজাত শিশুক কোনো দুষ্ট লোকে পলিথিন বেগৰ ভিতৰত পেলাই থৈ যায়।

শিশুটো উদ্ধাৰ হোৱাৰ পিছতে অঞ্চলটোত এক প্ৰকাৰৰ চাঞ্চ্যলৰ সৃষ্টি হৈছে৷

স্থানীয় লোকৰ পৰা জানিব পৰা মতে, বাংলাবাৰীত আজি নিচেই পুৱাই গোৱৰ্ধন সিং আৰু মংগল সিং নামৰ দুজন আদিবাসী সম্প্ৰদায়ৰ ককাই-ভায়ে কাৰ্লভাটৰ ওচৰত শিশুটিক দেখা পাই উদ্ধাৰ কৰে।

ইয়াৰ পিছতে তেওঁলোকে গাওঁবুঢ়াক খবৰ দিয়াত গাওঁবুঢ়াই আৰক্ষীক খবৰ দিয়ে। আৰক্ষীৰ সহযোগত শিশুটিক প্ৰথমে ডালোৱাবাৰী চাহ বাগিচাৰ চিকিৎসালয়লৈ নিয়া হয় আৰু পিছত কোকৰাঝাৰৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয়। জানিব পৰা মতে সুস্থ অৱস্থাত থকা শিশুটিক বৰ্তমান চিকিৎসালয়খনৰ বেবি কেয়াৰ য়ুনিটত ৰখা হৈছে। শিশুটিৰ দায়িত্ব চাইল্ডলাইনে লৈছে।

আনহাতে শিশুটিক প্ৰথম দেখা পোৱা দুই ককাই-ভাইৰ মাজৰ মংগল সিং আৰু তেওঁৰ পত্নীয়ে শিশুটিক তুলি লোৱাৰ বাবে ইচ্ছা প্ৰকাশ কৰিছিল। তেওঁলোকৰ ইতিপূৰ্বে এটি সন্তান আছে।

ইফালে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত চলাই আছে বুলি জানিবলৈ দিয়ে। স্থানীয় লোকে জনোৱামতে, পুৱাৰ ভাগতে সেই ঠাইত এখন ব’লেৰ’ গাড়ী ৰোৱা তেওঁলোকে দেখা পাইছিল। সেই গাড়ীখনতে অহা কোনো নিৰ্দয় লোকে তাত শিশুটিক এৰি যোৱা বুলি স্থানীয় লোকে সন্দেহ কৰিছে।

উল্লেখযোগ্য যে শিশুটিৰ গাত এতিয়াও চিকিৎসালয়ত দিয়া সাংকেতিক পৰিচয়ৰ টিকট লাগিয়ে আছে।

ইপিনে কোকৰাঝাৰ চাইল্ড লাইনে জনাইছে যে তেওঁলোকে শিশুটোক চিকিৎসাৰ পিছতে চিৰাঙৰ special adoption agency ক অৰ্পণ কৰিব৷ এজেন্সিটোৱে দুমাহ শিশুটোক লালন-পালন কৰিব আৰু কোনোবাই আৱেদন কৰিলে শিশুটোক তুলি লোৱাৰ বাবে অৰ্পণ কৰিব ৷