NORTHEAST NOW (Assamese)
অসম

হিন্দু যুৱ ছাত্ৰ পৰিষদৰ কাজিৰঙা আঞ্চলিক সমিতি গঠন

Posted by: উত্তম শইকীয়া September 4, 2018 5:22 pm
Hindu Yuba Satra Parishad

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হিন্দু যুৱ ছাত্ৰ পৰিষদৰ এক দলীয় সভাত সংগঠনটোৰ কাজিৰঙা আঞ্চলিক সমিতিখন গঠন কৰা হয়।

হিন্দু যুৱ ছাত্ৰ পৰিষদৰ বোকাখাত মহকুমা সমিতিৰ সভাপতি ঋষিৰাজ বাৰুকীয়ালৰ পৌৰহিত্যত যোৱা ২ চেপ্তেম্বৰত অনুষ্ঠিত এই সভাৰ উদ্দেশ্য বাখ্যা কৰে মহকুমা সমিতিৰ সম্পাদক ঋতুৰাজ দাসে।

সভাত হিন্দু যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক মনোৰঞ্জন কলিতা, জিলা সভাপতি মাধুৰ্য্য পাঠক আৰু জিলাৰ মুখ্য সাংগঠনিক সম্পাদক সঞ্জয় দত্ত উপস্থিত থাকে।

উক্ত সভাতে হিন্দু যুৱ ছাত্ৰ পৰিষদৰ সদস্য চিন্ময় কলিতাক সভাপতি, দৰ্পন গগৈক সম্পাদক আৰু বিকাশ গগৈক মুখ্য সাংগঠনিক সম্পাদক হিচাপে লৈ ২১ জনীয়া কাজিৰঙা আঞ্চলিক সমিতিখন গঠন কৰা হয়।