NORTHEAST NOW (Assamese)
অসম

আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এন আৰ চিক লৈ বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকত কৌশলী সিদ্ধান্ত

Posted by: এন ই নাও নিউজ September 10, 2018 8:51 am
BJP

শেহতীয়াকৈ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী আৰু নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ দুমুখীয়া স্থিতি গ্ৰহণ কৰিছে বিজেপিয়ে। নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক বিজেপিয়ে  ২০১৯ চনৰ লোক সভাৰ নিৰ্বাচনৰ প্ৰধান অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব খুজিছে।

এই উদ্দেশ্যে নতুন দিল্লীত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকত কালি অৰ্থাৎ ৯ ছেপ্টেম্বৰত নাগৰিকপঞ্জী উন্নীতকৰণ আৰু নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিষয়বস্তুক ৰাজনৈতিক প্ৰস্তাৱ হিচাপে গৃহীত কৰে।

উল্লেখযোগ্য যে গোটেই ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী বিধেয়কখনকৰ বিৰোধিতা কৰি বিভিন্ন দল-সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে। কিন্তু দল-সংগঠনৰ এই প্ৰতিবাদক কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰাৰ বিপৰীতে বিজেপি দলে দেওবাৰে ৰাজনৈতিক প্ৰস্তাৱত সন্নিৱিষ্ট কৰে বিতৰ্কিত বিধেয়কখনৰ বিষয়বস্তু।

মন কৰিব লগীয়া যে এই প্ৰস্তাৱত গেৰুৱা দলটোৱে উল্লেখ কৰিছে যে চুবুৰীয়া ৰাষ্ট্ৰৰ পৰা নিৰ্যাতনৰ বলি হৈ ভাৰতলৈ অহা লোকক ভাৰতে সকলো প্ৰকাৰৰ সুৰক্ষা প্ৰদান কৰিব।

আনহাতে, একেটা প্ৰস্তাৱতে আকৌ গেৰুৱা দলটোৱে অনুপ্ৰৱেশৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰা হ’ব বুলি উল্লেখ কৰি কয় যে বাংলাদেশীয়ে হওক বা ৰহিঙিয়াই হওক কোনো অবৈধ বিদেশীকে ভাৰতত স্থান দিয়া নহ’ব।

এই দুদিনীয়াকৈ অনুষ্ঠিত বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্য নিৰ্বাহকত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে কয় যে চুবুৰীয়া ৰাজ্যৰ পৰা হিন্দু লোকসকলক সুৰক্ষা দিয়াটো বিজেপিৰ প্ৰধান দায়িত্ব।

উল্লেখযোগ্য যে ১৯৭১ চনক ভিত্তি বৰ্ষ হিচাপে লৈ অসমত নাগৰিকপঞ্জীৰ কাম চলি আছে। আনহাতে, নাগৰিকত্ব সংশোধনী বিধেয়ক অনুসৰি ২০১৪ চনলৈকে চুবুৰীয়া ৰাষ্ট্ৰৰ পৰা অহা সকলো হিন্দু লোকেই নাগৰিকত্ব লাভ কৰিব। গতিকে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ’লে উলংঘা কৰা হ’ব অসম চুক্তিক আৰু গুৰুত্বহীন হৈ পৰিব ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী।

মুঠৰ ওপৰত বৰ্তমান গেৰুৱা দলটোৱে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী আৰু নাগৰিকত্ব সংশোধনী বিধেয়কক এক প্ৰকাৰ ৰাজনৈতিক ইচ্ছ্যুত পৰিণত কৰি আগন্তুক লোকসভা নিৰ্বাচনৰ বৈতৰণী পাৰ হোৱাৰ চেষ্টা চলাইছে।