NORTHEAST NOW (Assamese)
উত্তৰ-পূব

মণিপুৰত উগ্ৰপন্থীৰ আক্ৰমণত নিহত আছাম ৰাইফলছৰ জোৱানলৈ শ্ৰদ্ধাঞ্জলি

Posted by: এন ই নাও নিউজ September 10, 2018 6:11 pm
wreath-manipur-570x320

যোৱা ৭ ছেপ্টেম্বৰত উগ্ৰপন্থীৰ গুলিত নিহত হোৱা ৰাইফলমেন চম্পেশ্বৰ মাহাখুদক সম্পূৰ্ণ সামৰিক মৰ্যাদাৰে শেষ শ্ৰদ্ধা জনোৱা হয়। আইজিএআৰ (দক্ষিণ)ৰ তৰফৰ পৰা প্ৰকাশিত এটা বিজ্ঞপ্তিত এই কথা প্ৰকাশিত।
আছাম ৰাইফলছৰ ৯ ছেক্টৰৰ টুলিহাল বেটেলিয়নে টুলিহাল আন্তৰ্জাতিক বিমানঘাটীত এই মাল্যাৰ্পণ অনুষ্ঠানটো অউষ্ঠিত কৰে।
মণিপুৰৰ কৃষি মন্ত্ৰী ভি হাংখানিলান, মণিপুৰৰ মুখ্য সচিব ড০ জে সুৰেশ বাবু, ৱাইএছএম, আইজিএআৰ (দক্ষিণ) মে: জেনেৰেল কে পি সিং, আইজিপি (মণ্ডল-১)ক্লে খংছাই, ৯ ছেক্টৰ আছাম ৰাইফলছৰ কামাণ্ডাৰ, ব্ৰিগেডিয়াৰ অমিত কামথিয়াল, ২৮ ছেক্টৰ আছাম ৰাইফলছৰ কামাণ্ডাৰ, ব্ৰিগেডিয়াৰ নীলেশ ভানোট, চিআৰপিএফৰ ডিআইজি, ব্ৰিগেডিয়াৰ এছকে শৰ্মা আৰু চাণ্ডেলৰ উপায়ুক্ত, চাণ্ডেল আৰু ইম্ফল ৱেষ্টৰ আৰক্ষী অধীক্ষকেও ২৯ আছাম ৰাইফলছৰ চহিদ সেনাগৰাকীলৈ শ্ৰদ্ধা জ্ঞাপন কৰে।
উল্লেখ্য যে ৰাইফলমেন চম্পেশ্বৰ মাহাখুদে মণিপুৰৰ চাণ্ডেল জিলাৰ অনতৰ্গত জৌপিত উগ্ৰপন্থীৰ সৈতে সংঘৰ্ষত প্ৰাণ হেৰুৱাইছিল।
চহিদগৰাকীৰ ঘৰ আছিল উৰিষ্যাৰ চম্বলপুৰ জিলাত। মৃত্যুৰ সময়ত চহিদগৰাকীয়ে তেওঁৰ পত্নী আৰু এটা সন্তান এৰি থৈ যায়।
চহিদ চম্পেশ্বৰ মাহাখুদ এগৰাকী নিষ্ঠাৱান, সাহসী আৰু কৰ্তব্য পৰায়ণ সৈনিক আছিল। দেশৰ বাবে তেওঁৰ আত্মদানক দেশবাসীয়ে সদায় মনত ৰাখিব।