NORTHEAST NOW (Assamese)
অসম

গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য বাছনি প্ৰক্ৰিয়াত স্থগিতাদেশ ন্যায়ালয়ৰ

Posted by: এন ই নাও নিউজ September 15, 2018 10:49 am
guwahati-university-647_030117043643

ঐতিহ্যমণ্ডিত গুৱাহাটী  বিশ্ববিদ্যালয়ৰ উপাচাৰ্য পদৰ বাবে শনিবাৰে হ’ব লগা বাছনি প্ৰক্ৰিয়াত গুৱাহাটী উচ্চ ন্যায়ালয়ে সাময়িকভাৱে স্থগিতাদেশ জাৰি কৰিছে।

উপাচাৰ্যৰ বাছনিৰ বাবে গঠন কৰা সমিতিখন গঠনৰ ক্ষেত্ৰত বিশ্ববিদ্যালয় অনুদান আয়োগৰ নিয়মাৱলী ভংগ হোৱাৰ প্ৰসংগ উত্থাপন কৰি অৰ্চনা শৰ্মা নামৰ এগৰাকীয়ে দাখিল কৰা এখন লেখ আবেদনৰ ভিত্তিত উচ্চ ন্যায়ালয়ে এই বাছনি প্ৰক্ৰিয়া পৰৱৰ্তী শুনানি পৰ্যন্ত স্থগিত ৰখাৰ নিৰ্দেশ দিছে।

অহা ২৪ ছেপ্টেম্বৰত আবেদনখনৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰা হৈছে। এই সন্দৰ্ভত ন্যায়ালয়ে সংশ্লিষ্ট পক্ষসমূহলৈ জাননী জাৰি কৰিছে।

উল্লেখযোগ্য যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ মৃদুল হাজৰিকাৰ কাৰ্যকাল যোৱা ১৭ আগষ্টত অন্ত পৰে। উপাচাৰ্য হাজৰিকাৰ পাঁচ বছৰীয়া কাৰ্যকালৰ অন্ত পৰাৰ লগে লগে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰৱৰ্তী উপাচাৰ্য নিযুক্তৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হয়।

উপাচাৰ্য বাছনিৰ বাবে বিশ্ববিদ্যালয় অনুদান আয়োগৰ প্ৰাক্তন অধ্যক্ষ বেদপ্ৰকাশক অধ্যক্ষ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ আচাৰ্য ৰাজ্যপাল অধ্যাপক জগদীশ মুখী আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰে এগৰাকী অধ্যাপকক লৈ তিনিজনীয়া এখন উপাচাৰ্য অনুসন্ধান সমিতি গঠন কৰা হৈছিল।

আনহাতে, এই উপাচাৰ্য অনুসন্ধান সমিতিখনক লৈ বিতৰ্কৰ উদ্ভৱ হৈছিল। বিশেষকৈ গুৱাহাটী বিশ্ববিদ্যালয় শিক্ষক সন্থাই উপাচাৰ্য অনুসন্ধান সমিতিখনক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছিল।