NORTHEAST NOW (Assamese)
অসম

কৰ্কট ৰোগত আক্ৰান্ত হৈ মুম্বাইত চিকিৎসাধীন ভূপালীৰ সহায়ৰ বাবে ৰাইজলৈ পৰিয়ালৰ কাতৰ আহ্বান

Posted by: নীলমণি শৰ্মা September 20, 2018 9:31 am
Bhupali nath

দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ মুম্বাইৰ টাটা মেম’ৰিয়েল হাস্পাতালত মৃত্যুৰ সৈতে যুঁজ দি আছে অষ্টম শ্ৰেণীত পঢ়ি থকা অসমৰ এগৰাকী ১৪ বছৰীয়া কিশোৰীয়ে।

গোৱালপাৰা জিলাৰ মাটিয়াৰ সুকুমাৰ নাথ আৰু মৃদুলা নাথৰ কন্যা ভূপালী নাথ, মাঠো ১৪ বছৰ বয়সতে এই সৰু ছোৱালীজনী দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ এটা বৃক্ক সম্পূৰ্ণ ৰূপে বিকল হৈ পৰিছে।

দৰিদ্ৰ পৰিয়ালটোয়ে ভূপালীৰ চিকিৎসাৰ বাবে মুম্বাইৰ টাটা মেম’ৰিয়েল হাস্পাতালত ভৰ্তি কৰাইছে যদিও চিকিৎসাৰ বাবে প্ৰয়োজনীয় বৃহৎ পৰিমাণৰ ধন যোগাৰ কৰিব পৰা নাই। ইয়াৰ বাবে পৰিয়ালটোয়ে ইতিমধ্যে ঘৰৰ মাটি, সম্পত্তি বিক্ৰী কৰি শেষ কৰিলে।

উল্লেখযোগ্য যে চিকিৎসকে পৰিয়ালটোক জনোৱা মতে ছোৱালীজনিৰ অস্ত্ৰোপচাৰৰ বাবে কমেও ১১ লাখ টকাৰ প্ৰয়োজন। যিখিনি টকা উলিয়াবৰ বাবে পৰিয়ালটোৰ সামৰ্থ নাই। তেওঁলোকৰ এই দুৰ্যোগৰ কথা জানিব পাৰি অঞ্চলটোৰে একাংশ যুৱক তথা দল-সংগঠন আগবাঢ়ি আহি বজাৰে বজাৰে ভূপালীৰ বাবে সাহায্য বিচাৰিছে যদিও প্ৰয়োজন হোৱা অৰ্থৰ তুলনাত সেইয়া অতি নগন্য।

সেয়ে এতিয়া ছোৱালীজনিৰ পৰিয়াল তথা গাঁওবাসীয়ে চৰকাৰৰ লগতে অসমবাসীৰ পৰা আৰ্থিক সহায় বিচাৰি কাতৰ অনুৰোধ জনাইছে। হয়, ভূপালীক ঘূৰাই অনাৰ বাবে তেওঁৰ দুৰ্ভগীয়া পৰিয়ালটোক এতিয়া আপোনাৰ সহায়ৰ খুবেই প্ৰয়োজন। সদাশয় ব্যক্তি বা দল-সংগঠনে Ripan Nath’ৰ বেংক একাউণ্ট নম্বৰ 20087560575, Ifsc Code: SBIN0009148, Mornoi Branchত আৰ্থিক সাহায্য প্ৰদান কৰিব পাৰে।