NORTHEAST NOW (Assamese)
অৰুণাচল

মাৰ্ঘেৰিটাত ব্ৰাউন ছুগাৰসহ গ্ৰেপ্তাৰ অৰুণাচল প্ৰদেশৰ আৰক্ষী

Posted by: মানস প্ৰতিম গগৈ September 20, 2018 11:12 pm

নিষিদ্ধ ড্ৰাগছ ব্ৰাউন ছুগাৰসহ গ্ৰেপ্তাৰ কৰা বমৱাং থাংহা (২২) নামৰ অৰুণাচল আৰক্ষীৰ এজন কনিষ্টবলক বৃহস্পতিবাৰেআদালতে কাৰাগাৰলৈ প্ৰেৰণ কৰিছে।

অৰুণাচলৰ চাংলাং জিলাৰ এই ড্ৰাগছ সৰবৰাহকাৰীজনক মাৰ্ঘেৰিটাৰ পৰা অৰুণাচলৰ চাংলাঙলৈ যোৱাৰ পথত নামদাঙত বুধবাৰে আটক কৰিছিল মাৰ্ঘেৰিটা আৰক্ষীয়ে।

চাংলাং জিলা আৰক্ষী বিষয়াৰ কাৰ্যালয়ত কৰ্মৰত কনিষ্টবলজনৰ পৰা ১৫ গ্ৰাম ব্ৰাউন চুগাৰ জব্দ কৰা হৈছিল বুলি আৰক্ষী সূত্ৰত প্ৰকাশ৷

থাংহাঙৰ বিৰুদ্ধে মাৰ্ঘেৰিটা আৰক্ষী চকীত এন ডি পি এছ আইনৰ অধীনত ২৪৬/১৮ নম্বৰত এক গোচৰ পঞ্জীয়ন কৰা হৈছিল।