NORTHEAST NOW (Assamese)
অসম

অৰ্জুন বঁটাৰ বাবে নিৰ্বাচিত হোৱা দৌৰ ৰাণী হিমাক মুখ্য মন্ত্ৰীৰ অভিনন্দন

Posted by: এন ই নাও নিউজ September 21, 2018 10:14 pm
Hima-Das

নিজৰ অনন্য ক্ৰীড়া প্ৰতিভাৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ৰাজ্যৰ লগতে দেশৰ নাম উজলাবলৈ সক্ষম হোৱা হিমা দাসক অৰ্জুন বঁটাৰ বাবে কেন্দ্ৰীয় চৰকাৰে নিৰ্বাচিত কৰাত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে তেওঁক অভিনন্দন জ্ঞাপন কৰিছে।

আজি এক প্ৰেছ বিবৃতিৰ জৰিয়তে মুখ্য মন্ত্ৰীয়ে কয়, ‘এই গৰাকী স্বৰ্ণকন্যাই এছিয়ান গেমছকে ধৰি আন্তৰ্জাতিক ক্ৰীড়াঙ্গণত বিশেষ সফলতা অৰ্জনেৰে ৰাজ্যবাসীৰ লগতে দেশবাসীক গৌৰৱাম্বিত কৰিছে।‘

কেন্দ্ৰীয় চৰকাৰে তেওঁক অৰ্জুন বঁটাৰ বাবে নিৰ্বাচিত কৰাটো ৰাজ্যবাসীৰ বাবে অত্যন্ত সুখৰ খবৰ বুলি সোণোৱালে উল্লেখ কৰে।

আগন্তুক সময়তো হিমা দাসে আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া ক্ষেত্ৰত সফলতা অৰ্জনেৰে ৰাজ্যবাসীৰ লগতে দেশবাসীক গৌৰৱাম্বিত হোৱাৰ সুযোগ প্ৰদান কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে।