NORTHEAST NOW (Assamese)
অসম

বন বিভাগৰ দ্বাৰা জাগুনত দুখনকৈ অবৈধ শিল ভৰ্তি ডাম্পাৰ জব্দ

Posted by: মানস প্ৰতিম গগৈ September 24, 2018 7:46 pm
stone laden trucks

তিনিচুকীয়া জিলাৰ ডিগবৈ বন সংমণ্ডলৰ অন্তৰ্গত জাগুন আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অধীনৰ টিৰাপ নৈৰ বক্ষ উদং কৰি একাংশ চোৰাং শিল মাফিয়াই চলাই অহা অবৈধ শিল ব্যৱসায়ৰ বিৰুদ্ধে আজি জাগুন আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ বন বিভাগৰ দলে অভিযান চলায়।

অভিযান কালত বন বিভাগৰ দলটোৱে বিনা নথি-পত্ৰৰে অবৈধভাৱে শিল কঢ়িওৱা দুখন ডাম্পাৰ জব্দ কৰিবলৈ সক্ষম হয়।

বন বিভাগৰ অভিযানকাৰী দলটোৱে চোৰাং শিল কঢ়িয়াই অনা এ এছ ২৩ বি চি ৮৯২৫ আৰু এ এছ ০৬ বি চি ২৩২০ নম্বৰৰ জব্দ কৰা ডাম্পাৰ দুখন শিল মাফিয়া ক্ৰমে ডিগবৈৰ তপন দত্ত আৰু লিডুৰ জহৰ আগৰৱালৰ বুলি বন বিভাগৰ সূত্ৰত প্ৰকাশ৷

সম্প্ৰতি বন বিভাগে চোৰাং শিল ভৰ্তি ডাম্পাৰ দুখন নিজৰ জিম্মাত ৰাখি এই সন্দৰ্ভত যাৱতীয় আইনী ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জানিবলৈ দিছে।