NORTHEAST NOW (Assamese)
Popular Stories

‘কা’ বাতিলৰ দাবীত শিৱসাগৰ বৰপুখুৰীৰ চাৰিওফালে বিশাল মানৱ শৃংখল

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ January 4, 2020 6:04 pm
‘কা’ বাতিলৰ দাবীত শিৱসাগৰ বৰপুখুৰীৰ চাৰিওফালে বিশাল মানৱ শৃংখল

নাগৰিকত্ব (সংশোধন) আইনৰ বিৰোধিতাত শিৱসাগৰত এতিয়াও প্ৰতিবাদ অব্যাহত আছে। আজি শিৱসাগৰ নগৰৰ ঐতিহাসিক বৰপুখুৰী পাৰত ৰংপুৰীয়া ৰাইজে কা’ৰ বিৰোধিতাত বৃহৎ মানৱ শৃংখলেৰে সাব্যস্ত কৰিলে প্ৰতিবাদ।

আহোম ৰাজত্বকালত খন্দোৱা বিশাল পৰিসৰৰ বৰপুখুৰীটোৰ চাৰিওফালে এক বৃহৎ মানৱ-শৃংখলেৰে আইনখন বাতিল কৰাৰ দাবীত শিৱসাগৰবাসী ৰাইজে সবল প্ৰতিবাদ জনায়।

ইয়াৰপূৰ্বে টাই বিকাশ কেন্দ্ৰত অনুষ্ঠিত হয় এক প্ৰতিবাদী সভা। উক্ত সভাত শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীয়ৰী জয়শ্ৰী চলিহা, গায়ক মানস ৰবিন, মনোজ বড়া, অধ্যাপক ৰঞ্জিত তামুলীকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

অনুষ্ঠানত কা’ৰ বিৰোধিতাত বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰ লগতে মানস ৰবিনে জাতীয় সংগীত অ মোৰ আপোনাৰ দেশ, মনোজ বৰাই গীত পৰিৱেশন কৰে।

প্ৰতিবাদী সভাত অসম ছাত্ৰ যুৱ সন্মিলনৰ নেতা জিন্তু মেছে কয়, ‘চৰকাৰে কৈছে আন্দোলনত চৰকাৰী সম্পত্তি নষ্ট কৰা আন্দোলনকাৰীৰ পৰা মূল্য আদায় কৰিব, আমিও কৈছো আন্দোলনত তোমালেকে পাঁচজন যুৱকক হত্যা কৰি তেওঁলোকৰ মাকৰ বুকু উদং কৰিলা, সেই সকল মাতৃক প্ৰথমে মূল্য দি লোৱা তাৰ পাছত আমি সম্পতিৰ মূল্য দিম।’