NORTHEAST NOW (Assamese)
অসম

নাবালকৰ সৈতে প্ৰাপ্তবয়স্ক মহিলাৰ বিবাহত শাস্তি নাই

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 4, 2020 5:58 pm
SC not expressing any view if "access to Internet'' a fundamental right

ভাৰতৰ উচ্চতম ন্যায়ালয়ে কৈছে যে প্ৰাপ্তবয়স্ক মহিলাৰ সৈতে নাবালকৰ বিবাহ শাস্তিযোগ্য নহয়।

শেহতীয়া এক ৰায়দানত বাল্য বিবাহ আইন, ২০০৬ৰ ৯নং ধাৰাৰ ব্যাখ্যা কৰি ন্যায়ালয়ে কয় যে এই ধাৰা কেৱল শিশু বিয়া কৰোৱা প্ৰাপ্তবয়স্ক পুৰুষৰ শাস্তিৰ ক্ষেত্ৰতহে প্ৰযোজ্য।

আইনখনৰ সংশ্লিষ্ট ধাৰাটোমতে: “বাল্য বিবাহত আবদ্ধ হোৱা ১৮ বছৰ বয়সৰ ওপৰৰ যিকোনো এক পুৰুষেই পাব লাগে সশ্ৰম কাৰাদণ্ড যাৰ ম্যাদ দুবছৰপৰ্য্যন্ত হ’ব পাৰে বা এক লাখ টকালৈকে জৰিমনা বা দুয়োটা।”

১৭ বছৰীয়া ল’ৰা এজনৰ সৈতে ২১ বছৰীয়া ছোৱালী এগৰাকীৰ বিবাহ সম্পৰ্কীয় গোচৰত ন্যায়াধীশ মোহন এম শান্তানাগৌদাৰৰ বিচাৰপীঠে এই ৰায়দান কৰিছে।

ন্যায়ালয়ে কৈছে যে এনে বিবাহৰ ক্ষেত্ৰত নাবালক আৰু মহিলা কোনোজনেই শাস্তি পোৱাৰ ব্যৱস্থা নাই।

গোচৰটোত পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে পূৰ্বে দিয়া ৰায়ো সৰ্বোচ্চ আদালতখনে খাৰিজ কৰে।

উচ্চ ন্যায়ালয়ে ল’ৰাজনৰ বিৰুদ্ধে বাল্য বিবাহত আবদ্ধ হোৱাৰ বাবে আইনী প্ৰক্ৰিয়া চলোৱাৰ নিৰ্দেশ দিছিল। কিন্তু সম্পৰ্কটোত ল’ৰাজনহে নিজেই আইনমতে শিশু আছিল।

উচ্চতম ন্যায়ালয়ে নিজৰ ৰায়ত কৈছে যে আইনখন কেৱল প্ৰাপ্তবয়স্ক পুৰুষৰ সৈতে বাল্য বিবাহৰ পৰা নাবালিকাসকলক সুৰক্ষা দিয়াৰ বাবেহে।

“আমাৰ নিচিনা সমাজত বিয়াৰ সিদ্ধান্তসমূহ সাধাৰণতে দৰা আৰু কইনাৰ পৰিয়ালৰ সদস্যসকলে লয়, আৰু বিষয়টোত মহিলাৰ মত তেনেই নগণ্য।”