NORTHEAST NOW (Assamese)
অসম

নলবাৰীত ‘খেলো ইণ্ডিয়া’ আঁচনিৰ অধীনত ষ্টেডিয়াম নিৰ্মাণৰ প্ৰস্তাৱ ৰাজ্য চৰকাৰৰ

Posted by: এন ই নাও নিউজ September 25, 2018 11:34 am
CuFggNyWgAA5gzh

নলবাৰী চহৰৰ পাৰ্শ্বৱৰ্তী অঞ্চল সৰিয়হতলিত অসম চৰকাৰে নিৰ্মাণ কৰিব এখন অত্যাধুনিক ষ্টেডিয়াম। ‘খেলো ইণ্ডিয়া’ আঁচনিৰ অধীনত ষ্টেডিয়াম প্ৰকল্প নিৰ্মাণ কৰাৰ বাবে ইতিমধ্যে ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিছে।

সোমবাৰে বিধানসভাৰ মজিয়াত ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰীৰ হৈ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলৈয়ে এই কথা জানিবলৈ দিয়ে।

উল্লেখ্য যে নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাৰ এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী দলৈয়ে কয় যে মুঠ ৬৬ বিঘা মাটি সামৰি এই পূৰ্ণ পৰ্যায়ৰ ষ্টেডিয়াম নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে ৫৫ কোটি ৯৭ লাখ ৭৫ হেজাৰ ৬৫৪ টকাৰ এক প্ৰাক্‌কলন যোৱা ৬ মে’ত কেন্দ্ৰীয় চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰালয়ৰ যুটীয়া সচিবলৈ প্ৰেৰণ কৰা হৈছে।

ইয়াৰ উপৰি মন্ত্ৰীগৰাকীয়ে আন এক প্ৰশ্নৰ উত্তৰত কয় যে বৰ্তমানৰ বিজেপি নেতৃত্বাধীন চৰকাৰে ৰাজ্যৰ ৩২টা সমষ্টিত একোখনকৈ ক্ৰীড়া প্ৰকল্প নিৰ্মাণৰ পৰিকল্পনা হাতত লৈছে আৰু ইয়াৰ বাবে প্ৰতিটো ক্ৰীড়া প্ৰকল্পত ১০ কোটিকৈ টকা ধাৰ্য কৰা হৈছে।