NORTHEAST NOW (Assamese)
অসম

বিশ্বনাথ চাৰিআলিত ছাত্ৰীৰ দ্বাৰা ৰচিত ‘আশাৰ ৰেঙনিৰে জ্বলি উঠা চাকিগছি’ৰ উন্মোচন

Posted by: কাজি জেইদুল ইছলাম September 25, 2018 8:12 pm
Biswanath Chariali Book inauguration

বিশ্বনাথ চাৰিআলি সাহিত্য সভা ভৱনত আজি বিশ্বনাথ চাৰিআলিৰ অৰিয়েন্ট ফ্লাৱাৰ কনিষ্ঠ মহাবিদ্যালয়ৰ ছাত্ৰী চিম্পী বৰাৰ মননশীল কাহিনীৰে সমৃদ্ধআশাৰ ৰেঙনিৰে জ্বলি উঠা চাকিগছি’ নামৰ গ্ৰন্থখন উন্মোচন কৰা হয়। বিশ্বনাথ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ প্ৰভাত চন্দ্ৰ গগৈৰ সভাপতিত্বত অনুষ্ঠিত সভাত গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট সাহিত্যিক ইন্দ্ৰ প্ৰসাদ শইকীয়াই।

অৰিয়েন্ট ফ্লাৱাৰ কনিষ্ঠ মহাবিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত সভাত বিশিষ্ট নাট্যকাৰ তৰুণ শইকীয়া, বিশ্বনাথৰ পৌৰপতি ৰুলী শৰ্মা, বিশ্বনাথ জিলা সাহিত্য সভাৰ সভাপতি হিৰণ্য হাজৰিকাকে ধৰি কেইবাজনো বক্তাই বক্তব্য আগবঢ়ায়।

সভাত বিশ্বনাথ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ৰানা প্ৰসাদ হাজৰিকাই ভাষা শুদ্ধ ৰূপত ক’ব আৰু লিখিব পৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে বানানৰ শুদ্ধতাৰ ওপৰত গুৰুত্ব দিয়ে।

সভাত কনিষ্ঠ মহাবিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজ উপস্থিত থাকে। উক্ত সভাতে আন্তঃৰাষ্ট্ৰীয় কৰাটে প্ৰতিযোগিতাত স্বর্ণ পদক লাভ কৰা হৃদয়ানন্দ দাসক সম্বৰ্ধনা জনোৱা হয়।

ঢলাই বিলৰ প্ৰদীপ বৰা আৰু ৰিনু বৰাৰ কন্যা চিম্পীৰ এনে প্ৰচেষ্টাৰ ৰাইজে শলাগ লোৱাৰ লগতে মহাবিদ্যালয়ৰ ফালৰ পৰা তেওঁক এখন হেমকোষ উপহাৰ দিয়া হয়।