NORTHEAST NOW (Assamese)
অসম

‘ভেন্সাৰ’ক বিদায়ৰ আশা দি ‘পলায়ন’ শিক্ষা মন্ত্ৰীৰ, যুদ্ধংদেহি ৰূপ শিক্ষক-কৰ্মচাৰী ঐক্যমঞ্চৰ

Posted by: কল্পজ্যোতি শইকীয়া September 27, 2018 8:56 pm
Siddhartha-Bhattacharya-1-570x320

ভেন্সাৰ বিদ্যালয়ক অসমৰ পৰা ‘চিৰ বিদায়’ দিয়াৰ আশা দি প্ৰতিশ্ৰুতি পালনৰ পৰিৱৰ্তে শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই ‘পলায়ন’ কৰা বুলি অভিযোগ তুলি এইবাৰ যুদ্ধংদেহি ৰূপ লৈছে শিক্ষক-কৰ্মচাৰী ঐক্যমঞ্চ, অসম-এ।

শিক্ষা মন্ত্ৰীৰ বিৰুদ্ধে ‘পলায়ন’ৰ অভিযোগেৰে অহা ২ অক্টোবৰ গান্ধী জয়ন্তীৰ দিনাই ৰাজধানী দিচপুৰ কঁপাবলৈ অসমৰ সকলো শিক্ষক-কৰ্মচাৰীকে দলে-বলে ওলাই আহিবলৈ আহ্বান জনাইছে মঞ্চই।

শিক্ষা মন্ত্ৰীৰ কথা মানি মঞ্চই আন্দোলনৰ পথ পৰিহাৰ কৰিছিল বুলি সদৰী কৰি মঞ্চৰ সাধাৰণ সম্পাদক আনোৱাৰ হুছেইন চৌধুৰীয়ে নৰ্থ ইষ্ট নাও-ক কয়, ‘কিন্তু শিক্ষা মন্ত্ৰীয়ে এতিয়াও যিহেতু কোনো গুৰুত্ব নিদিলে। গতিকে আমি এই কাৰ্য্যসূচী হাতত লৈছো।’

মঞ্চৰ অভিযোগ অনুসৰি যোৱা ১২ ছেপ্তেম্বৰত গুৱাহাটীৰ জনতা ভৱনত শিক্ষা মন্ত্ৰীৰ সৈতে হোৱা বৈঠকত মন্ত্ৰী ভট্টাচাৰ্য্যই শিক্ষকসকলে ‘আৰু আন্দোলন কৰিব নালাগে’ বুলি আশ্বাস দি অসমৰ পৰা সকলো ভেন্সাৰ বিদ্যালয়ক ‘চিৰ বিদায়’ দিয়া হ’ব বুলি ঘোষণা কৰিছিল।

কিন্তু প্ৰতিশ্ৰুতি পালন দূৰৰ কথা বৈঠকখনৰ কাৰ্য্যবিৱৰণীৰ প্ৰতিলিপিয়েই দুসপ্তাহৰ পিছতো সংগঠনটোক নিদি মন্ত্ৰী ভট্টাচাৰ্য্যই ‘পলায়ন কৰা’ বুলি ক্ষোভ প্ৰকাশ কৰিছে মঞ্চৰ সাধাৰণ সম্পাদক চৌধুৰীয়ে।

লগতে পঢ়ক ভেন্সাৰক চিৰ বিদায়! প্ৰাথমিক-মাধ্যমিক, মাদ্ৰাছা-সংস্কৃত টোল ২-৩ মাহৰ ভিতৰত হ’ব প্ৰাদেশীকৰণ : আশ্বাস শিক্ষা মন্ত্ৰীৰ

‘শিক্ষকসকলৰ ভয়ংকৰ সমস্যা এটাক পিঠি দি তেওঁ লণ্ডন ভ্ৰমণত গৈছে। মন্ত্ৰী বিদেশ ভ্ৰমণত আছে, সেই সময়তে তেজপুৰৰ এজন শিক্ষকে আত্মহত্যাৰ পথ বাচি লৈছে,’ ভট্টাচাৰ্য্যই সমস্যাটোৰ পৰা ‘পলায়ন’ কৰা বুলি মন্তব্য কৰি এই অভিযোগ চৌধুৰীৰ।

চৌধুৰীয়ে লগতে কয় যে শিক্ষা বিভাগৰ কাৰ্যালয়ত কাৰ্য্যবিৱৰণীৰ প্ৰতিলিপি বিচাৰিলে মন্ত্ৰী আহিলেহে ‘এই বিষয়ে ক’ব পাৰিম’ বুলি জনাই বিষয়াসকলে।

‘শিক্ষা মন্ত্ৰীৰ সৈতে যোৱা ১২ চেপ্তেম্বৰৰ বৈঠকত মন্ত্ৰীয়ে শিক্ষক-কৰ্মচাৰীসকলৰ দাবীসমূহত সহমত প্ৰকাশ কৰি সমস্যা সমাধানৰ আশ্বাস প্ৰদান কৰাৰ লগতে ১০ দিনৰ ভিতৰত শিক্ষা বিভাগৰ পৰা কাৰ্য্য বিৱৰণী পাব বুলি প্ৰতিশ্ৰুতি দিছিল,‘ নৰ্থ ইষ্ট নাও-ক ক্ষোভেৰে জনালে ঐক্য মঞ্চৰ চৌধুৰীয়ে।

ইফালে নৰ্থ ইষ্ট নাও-এ ফ’নত বহুবাৰ চেষ্টা কৰাৰ পিছতো লণ্ডনত থকা শিক্ষা মন্ত্ৰী ভট্টাচাৰ্য্য আৰু অসমৰ শিক্ষা বিভাগৰ আয়ুক্ত সচিব প্ৰীতম শইকীয়াৰ সৈতে বৰ্তমানলৈকে যোগাযোগ সম্ভৱ হোৱা নাই।