NORTHEAST NOW (Assamese)
ত্ৰিপুৰা

ত্ৰিপুৰাত তিনিটা অবৈধ পিষ্টলৰ সৈতে আটক প্ৰাণজিৎ দাস

Posted by: পান্না ঘোষ October 3, 2018 2:30 pm
p-750x375

অবৈধ মাৰণাস্ত্ৰ মজুত কৰি ৰখাৰ অভিযোগত আজি ত্ৰিপুৰা আৰক্ষীয়ে প্ৰাণজিৎ দাস নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। এক গোপন সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত আৰক্ষীৰ এটা দলে সোণাৰগাঁও অতিথি শালাত অভিযান চলাই তিনিটা ফেক্টৰীত নিৰ্মিত পিষ্টল, ২৫ জাই সক্ৰিয় গুলী আৰু ৬ টা মেগজিনৰ সৈতে লোকজনক আটক কৰে।

অবৈধ মাৰণাস্ত্ৰ মজুত কৰি ৰখাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা লোকজন চিপাঝালা জিলাৰ মধুপুৰ আৰক্ষী থানাৰ অন্তৰ্গত কমলাসাগৰ দেবীপুৰৰ নিবাসী বিনোদ বিহাৰী দাসৰ পুত্ৰ প্ৰাণজিৎ দাস (৩৬) বুলি চিনাক্ত কৰা হৈছে।

উল্লেখ্য যে বৰ্তমান ছাবৰুম জেইলত কাৰাৰুদ্ধ হৈ থকা প্ৰাণজিতৰ কোনো আত্মীয়ই পূৰ্বতে বন্দবস্ত কৰি থোৱা পিষ্টল এটা সৰবৰাহকাৰীৰ পৰা ল’বলৈ উক্ত অঞ্চললৈ যোৱা বুলি আৰক্ষীৰ প্ৰাৰম্ভিক জেৰাত আটকাধীন প্ৰাণজিতে সদৰী কৰে।

ঘটনা সন্দৰ্ভত আটক হোৱা প্ৰাণজিৎ দাস নিশ্চয়কৈ কোনো ডাঙৰ অস্ত্ৰ সৰবৰাহকাৰী সংগঠনৰ সৈতে জড়িত আছে বুলি আৰক্ষী বিষয়া ৰতন ৰবি দাসে কয়। আনহাতে আৰক্ষীয়ে নিজাববীয়াকৈ অভিযুক্তজনৰ বিৰুদ্ধে আৰ্মছ এক্টৰ অধীনত এটা গোচৰ ৰুজু কৰে বুলিও জানিবলৈ দিয়ে।

ইফালে আটকাধীন প্ৰাণজিতক আদালতত হাজিৰ কৰোৱা হয়। আৰু অধিক তথ্য সংগ্ৰহৰ বাবে আৰক্ষীয়ে আদালতৰ পৰা পুনৰ তেওঁলোকৰ জিম্মাত বিচাৰে।

মন কৰিবলগীয়া যে ত্ৰিপুৰাত এতিয়া সুলভ হৈ পৰিছে ফেক্টৰীত নিৰ্মিত পিষ্টল। সঘনাই আৰক্ষীৰ অভিযানত মাৰণাস্ত্ৰ উদ্ধাৰৰ ঘটনাই আৰক্ষীৰ লগতে সচেতন লোককো শংকিত কৰি তোলা পৰিলক্ষিত হৈছে।