NORTHEAST NOW (Assamese)
অসম

Video|| ২টা গুলী লৈ হাতী খেদা অভিযান, ভাঙি থকা ঘৰত বন্দী লোকক এৰি অন্তৰ্ধান বন কৰ্মচাৰী!

Posted by: মানস প্ৰতিম গগৈ October 3, 2018 5:58 pm
wild jumbo wreaks havoc in Assam's Margherita

মাত্ৰ দুটা গুলী লৈ মানুহৰ ঘৰ ভাঙি থকা বনৰীয়া হাতী খেদিবলৈ যোৱা বুলি গুৰুতৰ অভিযোগ উঠিছে মাৰ্ঘেৰিটা বন বিভাগৰ বিৰুদ্ধে। তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ ৪ নং মাকুমপথাৰ গাঁৱত মঙলবাৰে নিশা সংঘটিত হৈছে এই ঘটনা।

সন্ধিয়া ৬.৩০ বজাতে এটা বনৰীয়া হাতীয়ে গাওঁখনত প্ৰৱেশ কৰাৰ বিপৰীতে ৰাতি ১০ মান বজাত গাওঁখন আহি পোৱা বন বিভাগৰ লোকে মাত্ৰ গুলী এটা ফুটায়ে গুচি যোৱা বুলি অভিযোগ তুলিছে গাওঁবাসীয়ে।

“তেওঁলোকৰ বন্দুকত বোলে গুলী নাই। এটা ব্লেংক ফায়াৰ কৰিছে আৰু দুটাই গুলী আছিলে বুলি কৈছে,” অভিযোগ গাওঁখনৰ এগৰাকী লোকৰ।

তাতোতকৈ গুৰুতৰ কথাটো হ’ল সন্ধিয়াতে গাঁৱত প্ৰৱেশ কৰা হাতীটো খেদি পঠোৱাত বিফল হোৱা বন বিভাগে হাতীটোৱে ভাঙি থকা ঘৰ এটাত থকা লোকসকলক সেই অৱস্থাতে এৰি গুচি যায়।

‘‘মোৰ খুলশালীৰ ঘৰটো ভাঙিছে ৰাতি ১২.১৫ বজাতে। ঘৰটোত মাইকী, ল’ৰা-ছোৱালী বন্দী হৈ আছে। এনেকুৱা অৱস্থাত থাকোতে বন বিভাগৰ লোক তেতিয়ালে গুচিয়ে গ’ল,” লোকজনৰ অভিযোগ।

আনহাতে গাওঁখনৰ কেইবাগৰাকী লোকে অভিযোগ কৰে যে সন্ধিয়াতে হাতীটো সোমোৱা বুলি তেওঁলোকে বন বিভাগক কেইবাবাৰো ফ’ন কৰিছিল যদিও বিভাগটোৱে ফ’ন নধৰে। ৰাতিলৈ ফ’নটো ধৰে যদিও এবাৰ ৰে’ঞ্জাৰ নাই ইত্যাদি অজুহাত দেখুৱাই কৰ্তব্যত হেমাহি কৰা বুলিও লোকসকলে অভিযোগ কৰিছে।

‘‘ফ’নটো ৰিচিভ নকৰে। পিছত ফ’নটো ৰিচিভ কৰি কৈছে বোলে ৰে’ঞ্জাৰ বাহিৰত গৈছে। পিছত ৰাতি ১০ মান বজাত আহি পাইছেহি,” নৰ্থ ইষ্ট নাও-ক জনালে ভুক্তভোগী লোকজনে।

ডিগবৈ বন সংমণ্ডলৰ দায়িত্বৰ অন্তৰ্গত এই গাওঁখনত হাতীটোৱে মুকুল মেচ, গোপাল মন্ডল, মনোজ লোহাৰ আৰু ডালিমী মাল্লা নামৰ ৪ গৰাকী লোকৰ ঘৰ ভঙাৰ লগতে বয়-বস্তু লণ্ডভণ্ড কৰে।

হাতীয়ে গাওঁখনত ঘৰ ভাঙি অহাটো দীৰ্ঘদিনৰে পৰা চলি অহা বুলি দাবী কৰাৰ লগতে চৰকাৰে ভুক্তভোগীক কোনো ক্ষতিপূৰণ নিদিয়া বুলিও তেওঁলোকে অভিযোগ কৰিছে।