NORTHEAST NOW (Assamese)
অসম

স্কুল বাছতে ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা বাছ কণ্ডাক্টৰক বশিষ্ঠ আৰক্ষীৰ আটক

Posted by: মুকুট দাস October 3, 2018 10:50 pm

বশিষ্ঠ আৰক্ষীয়ে আজি দিনৰ প্ৰায় ১০ বজাত গুৱাহাটীৰ নমাইলস্থিত এখন কেন্দ্ৰীয় বিদ্যালয়ৰ এজন স্কুল বাছৰ কণ্ডাক্টৰক স্কুলীয়া ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত আটক কৰে।

আটকাধীন বাছ কণ্ডাক্টৰজনক আৰক্ষীয়ে গুৱাহাটী মহানগৰীৰ কাহিলীপাৰাৰ নিৱাসী মনোজ কলিতা (২৮) বুলি চিনাক্ত কৰিছে।

অভিযোগ অনুসৰি স্কুল বাছ কণ্ডাক্টৰজনে দীৰ্ঘদিনৰ পৰা স্কুলীয়া ছাত্ৰীক যৌন নিৰ্যাতন চলাই আহিছিল।

আৰক্ষীয়ে এই লম্পট কণ্ডাক্টৰ জনৰ কুকৰ্মৰ বিষয়ে ১ অক্টোবৰতহে পোহৰলৈ আহে বুলি কয়।

বশিষ্ঠ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নৱজিৎ বাঘৰিয়ে নৰ্থ ইষ্ট নাওক জনোৱা অনুসৰি স্কুল কৰ্তৃপক্ষই এই সম্পৰ্কত অৱগত হোৱাত ১ অক্টোবৰত বশিষ্ঠ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল।

আৰু আৰক্ষীয়ে স্কুল কৰ্তৃপক্ষই দিয়া এজাহাৰৰ ওপৰত ভিত্তি কৰি POCSO এক্টা ২০১২ৰ অধীনত ১২ নং ধাৰাত ১২৭৭/১৮ নম্বৰত গোচৰ ৰুজ কৰে।

পিছত লম্পট মনোজক কামৰূপ জিলা ন্যায়িক দণ্ডাধীশ আদালতত হাজিৰ কৰোৱাত আদালতে জে’ললৈ প্ৰেৰণ কৰে।