NORTHEAST NOW (Assamese)
অসম

শাসনৰ পৰা বিজেপিক আঁতৰত ৰাখিবলৈ হ’লে মিত্ৰতা কৰিবই লাগিব : আজমল

Posted by: এন ই নাও নিউজ October 4, 2018 10:49 am
Ajmal-570x320

‘বিজেপিয়ে যাতে দ্বিতীয় বাৰলৈ দেশৰ শাসনভাৰ দখল কৰিব নোৱাৰে সেয়াই আমাৰ প্ৰধান উদ্দেশ্য। বিজেপিক ৰুধিবলৈ হ’লে আমি একত্ৰিত হ’বই লাগিব’। এই মন্তব্য এ আই য়ু ডি এফৰ সভাপতি তথা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলৰ।

সাংসদ আজমলে বুধবাৰে গোৱালপাৰত জিলা সাংবাদিক সন্থাৰ নতুনকৈ নিৰ্মাণ হ’ব লগা প্ৰেক্ষাগৃহৰ আধাৰশিলা স্থাপনৰ অনুষ্ঠানত উপস্থিত থাকি এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

তেওঁ লগতে আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰসংগত গুৰুত্বপূৰ্ণ মন্তব্য কৰি কয় যে পূৰ্বতে আমি য়ু পি এৰ অংশীদাৰ আছিলো। সেয়ে আগন্তুক নিৰ্বাচনৰ বাবে মিত্ৰতা সম্পৰ্কত নতুন দিল্লীত আলোচনা চলি আছে। মিত্ৰতা চূড়ান্ত পৰ্যায় নোপোৱালৈকে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ লগতে ময়ো বিশেষ একো মন্তব্য নকৰো বুলি কয় আজমলে।

সাংসদ আজমলে এই মন্তব্যৰ জৰিয়তে আগন্তুক নিৰ্বাচনত কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ ইংগিত বহন কৰি বিজেপি নেতৃত্বাধীন কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰে। তেওঁ কয় যে নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে দিয়া প্ৰতিশ্ৰুতি এটাও ৰক্ষা কৰিব পৰা নাই। ইন্ধনজাত সামগ্ৰীৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে দেশৰ সৰ্বসাধাৰণ ৰাইজক জুৰুলা কৰা বুলিও তেওঁ মন্তব্য কৰে।

উক্ত অনুষ্ঠানতে সাংসদগৰাকীয়ে মূল্যবৃদ্ধিৰ লগতে প্ৰধান মন্ত্ৰীৰ বিদেশ ভ্ৰমণ প্ৰসংগতো তাৎপৰ্যমূলক মন্তব্য কৰা দেখা যায়। তেওঁ কয়, ‘সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাত এইখন চৰকাৰ ব্যৰ্থ হ’লেও বিদেশ ভ্ৰমণৰ ক্ষেত্ৰত কিন্তু দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গীণিজ বুকত নাম লিপিবদ্ধ কৰিবলৈ অহৰহ প্ৰয়াস কৰিছে’।

উল্লেখ্য যে কালি এ আই য়ু ডি এফ দলৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উপলক্ষে দলৰ সভাপতিজনে গোৱালপাৰাত সাংবাদিক সন্থাৰ প্ৰেক্ষাগৃহ স্থাপনৰ লগতে গোৱালপাৰা অসামৰিক চিকিৎসালয়ত চাফাই অভিযান, জিৰণী চ’ৰাৰ আধাৰশিলা স্থাপন, ৰোগীৰ মাজত ফলমূল বিতৰণ আদি কাৰ্যসূচী ৰূপায়ণ কৰে।