NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীলৈ ‘ভিলেজ ৰকষ্টাছ’ চাবলৈ শুৱালকুছিৰ মহাবিদ্যালয়ৰ পৰা ৮০ জনীয়া ছাত্ৰ ছাত্ৰীৰ দল

Posted by: মৃদুল প্ৰীতম ডেকা October 4, 2018 5:29 pm
aaa (3)-01

বিশ্ব চলচিত্ৰ জগতত নতুন চাঞ্চল্য ৰিমা দাস পৰিচালিত ছবি ভিলেজ ৰকষ্টাৰ। ভিলেজ ৰকষ্টাৰক লৈ ৰাজ্যত চলচিত্ৰ প্ৰেমীৰ উন্মাদনা অব্যাহত আছে। অস্কাৰৰ বাবে ‘অফিচিয়েল এণ্ট্ৰি’ লাভ কৰা একমাত্ৰ ভাৰতীয় চলচ্চিত্ৰ ‘ভিলেজ ৰকষ্টাৰ’ চাবলৈ প্ৰতিটো দৰ্শনীতে এতিয়া হাউছ ফুল।

শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ ৮০ গৰাকী ছাত্ৰ-ছাত্ৰী আজি ৰাওনা হৈছে ‘ভিলেজ ৰকষ্টাৰ’ উপভোগ কৰিবলৈ। ২খন বাছেৰে ৮০ গৰাকী ছাত্ৰ ছাত্ৰী এইদৰে ভিলেজ ৰকষ্টাৰ চাবলৈ ওলাইছে।

তেওঁলোকৰ বাবে গুৱাহাটীৰ পল্টন বজাৰৰ ‘গল্ড চিনেমা হল’টো সম্পূৰ্ণ বুক কৰি উৎসাহেৰে ওলাইছে ছাত্ৰ-ছাত্ৰীসকল। কোনে কয় অসমীয়া ছবিৰ প্ৰতি আগ্ৰহ নাই দৰ্শকৰ! শুৱালকুছি শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ  মহাবিদ্যালয়ে দেখুৱাইছে নিদৰ্শন।

শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দীপেশ চন্দ্ৰ ভাগৱতী, অৰ্থনীতি বিভাগৰ অধ্যাপক নীহাৰঞ্জন কলিতা ইংৰাজী বিভাগৰ প্ৰবক্তা অৰূপ শৰ্মা  আৰু দৰ্শন বিভাগৰ ডঃ বন্তি দত্ত বৰাৰ তত্বাৱধানত ৮০ জনীয়া ছাত্ৰ ছাত্ৰীৰ দলটোক ‘ভিলেজ ৰকষ্টাৰ’ চাবলৈ লৈ অহা হৈছে। সকলোৰে কামনা  ‘ভিলেজ ৰকষ্টাৰে’ আজুৰি আনক অস্কাৰ। শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ দৰে অন্য শিক্ষানুষ্ঠান আৰু আন আন অনুষ্ঠান প্ৰতিষ্ঠানেও ‘ভিলেজ ৰকষ্টাৰছ’ চাবলৈ দলে বলে ওলাই আহক।