NORTHEAST NOW (Assamese)
অসম

মূল্য বৃদ্ধি হ্ৰাস কৰাৰ দাবীত বিশ্বনাথত মুখ্য মন্ত্ৰীলৈ স্মাৰকপত্ৰ আছুৰ

Posted by: কাজি জেইদুল ইছলাম October 4, 2018 4:49 pm
মূল্য বৃদ্ধি হ্ৰাস কৰাৰ দাবীত বিশ্বনাথত মুখ্য মন্ত্ৰীলৈ স্মাৰকপত্ৰ আছুৰ

সমগ্ৰ ৰাজ্যতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদত বিভিন্ন দল-সংগঠনে প্ৰতিবাদ অব্যাহত ৰখাৰ সময়তে আজি বিশ্বনাথ মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত শতাধিক আছু সদস্যই প্ৰতিবাদী কাৰ্যসূচীৰে ৰাজপথ কঁপাই তোলে।

সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক দুলদুল বৰকটকীকে আদি কৰি শতাধিক প্ৰতিবাদকাৰীয়ে বিশ্বনাথ চাৰিআলি আছু কাৰ্যালয়ৰ পৰা প্ৰতিবাদী সমদল উলিয়াই বিশ্বনাত জিলা উপায়ুক্ত কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

আৰু পিছত প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত প্ৰতিবাদকাৰী সকলে বিশ্বনাথ জিলা উপায়ুক্তৰ জৰিয়তে মুখ্য মন্ত্ৰীলৈ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি হ্ৰাস কৰাৰ দাবীত স্মাৰকপত্ৰ প্ৰেৰণ কৰে।

উল্লেখযোগ্য যে সমগ্ৰ ৰাজ্যতে দিনক দিনে পৰিৱৰ্তনকামী চৰকাৰে পেট্ৰ’ল ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰী সমূহৰ মূল্য বৃদ্ধি কৰি আহিছে।

যাৰ ফলত এই অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধিয়ে জনসাধাৰণৰ মাজত ব্যাপক সমস্যাৰ সৃষ্টি কৰিছে।

মন কৰিবলগীয়া যে বিভিন্ন দল-সংগঠনে মূল্যবৃদ্ধিৰ হ্ৰাস কৰাৰ বাবে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে যদিও কাণসাৰ নাই ৰাজ্য চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰৰ।