NORTHEAST NOW (Assamese)
অসম

আৰ্ছেনিক আৰু ফ্লৰাইডেৰে বিষাক্ত হৈ পৰিছে ২৪ খনকৈ জিলাৰ ভূগৰ্ভস্থ পানীৰ ভাণ্ডাৰ

Posted by: এন ই নাও নিউজ October 5, 2018 5:26 pm
042517_TS_fossil-water_main

অগপৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ন কলিতাৰ এটা প্ৰশ্নৰ উত্তৰত জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী ৰিহন দৈমাৰীয়ে জনাইছে যে অসমৰ ২৪খন জিলাৰ ৬,৮৮১ টা এলেকাত ভূ-গৰ্ভৰ পানীত আৰ্ছেনিক পোৱা গৈছে।

আনহাতে ১৩খন জিলাৰ ৮৩০ টা এলেকাত ফ্লৰাইড পোৱা গৈছে বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

দৈমাৰীয়ে আৰু জনাইছে যে চৰকাৰে ২২৭টা আৰ্ছেনিকমুক্ত আৰু ৪০টা ফ্লৰাইডমুক্ত পানীৰ আঁচনি ৰাজ্যৰ বিভিন্ন স্থানত স্থাপন কৰিছে।

তেওঁ আৰু কৈছে যে ৰাজ্যখনত আৰ্ছেনিকমুক্ত পানী উপলব্ধ কৰোৱাৰ বাবে ১২২টা আঁচনিত অনুমোদন জনাইছে।  কিন্তু আৱশ্যকীয় ভূমিৰ অভাৱত এই আঁচনিসমূহ ৰূপায়িত কৰিব পৰা নাই বুলিও মন্ত্ৰীগৰাকীয়ে স্বীকাৰ কৰে। মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ সকলো বিধায়ককেই এই আঁচনিৰ বাবে ভূমি অধিগ্ৰহণ কৰাৰ বাবে অনুৰোধ জনায়।