NORTHEAST NOW (Assamese)
অসম

আগন্তুক দুৰ্গা পূজাত কূটাঘাতৰ আশংকাত প্ৰতিখন জিলালৈ জৰুৰী নিৰ্দেশনা অসম আৰক্ষীৰ

Posted by: এন ই নাও নিউজ October 7, 2018 2:29 pm

আগন্তুক দুৰ্গা পূজালৈ মাজত মাত্ৰ কেইটামান দিন থকাৰ সময়তে অসম আৰক্ষীয়ে কূটাঘাতৰ আশংকা কৰি ৰাজ্যৰ প্ৰতিখন জিলাৰ আৰক্ষী অধীক্ষকলৈ কঠোৰ সতৰ্কতামূলক ব্যৱস্থা ল’বলৈ জৰুৰী নিৰ্দেশনা প্ৰেৰণ কৰিছে।

আৰক্ষীৰ বিশেষ শাখাৰ সঞ্চালক প্ৰধান পল্লৱ ভট্টাচাৰ্যই সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰিছে। আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধানগৰাকীয়ে সম্ভাৱ্য পৰিস্থিতি চম্ভালিব পৰাকৈ আগন্তুক দুৰ্গা পূজা সময়ত জিলাসমূহত বিশেষ প্ৰশিক্ষিত আৰক্ষী জোৱান নিয়োগ কৰাৰ নিৰ্দেশ দিছে।

লগতে প্ৰতিখন জিলাৰ পূজা সমিতি আৰু ভি ডি পিক প্ৰতিটো মুহূৰ্ততে যোগাযোগ ৰাখাৰ আহ্বান জনাইছে আৰক্ষীৰ বিশেষ শাখাৰ সঞ্চালক প্ৰধানগৰাকীয়ে। ইয়াৰোপৰি সকলো পূজাস্থলীত যাতে চিচিটিভি কেমেৰা সংস্থাপন কৰে তাৰ বাবেও আহ্বান জনাইছে।