NORTHEAST NOW (Assamese)
Popular Stories

কাঞ্চনজংঘালৈ দৰ্শকৰ বিপুল সঁহাৰি; ৩ দিনতে ১.৩৮ কোটি টকা উপাৰ্জন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 9, 2019 5:43 pm
kanchanjangha

যোৱা ৬ ছেপ্তেম্বৰত মুক্তি লাভ কৰা জুবিন গাৰ্গৰ ছবি কাঞ্চনজংঘাই ছবিগৃহত দৰ্শকৰ পৰা লাভ কৰিছে বিপুল সঁহাৰি।

শুকুৰবাৰে মুক্তিৰ দিনাই ৪০ লাখ টকা উপাৰ্জন কৰা কাঞ্চনজংঘাই যোৱা তিনিটা দিনত ১.৩৮ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।

শনিবাৰে ছবিখনে ৩৮.৫ লাখ টকা উপাৰ্জন কৰাৰ বিপৰীতে দেওবাৰে লাভ কৰে ৫৯.১ লাখ টকা।

দৰ্শকৰ এই বিপুল সহাৰিত উৎফুল্লিত হৈ পৰা জুবিনে তেওঁৰ ফেচবুকৰ পে’জৰ জৰিয়তে দৰ্শকক ধন্যবাদ জনায়।

উল্লেখযোগ্য যে মুক্তিৰ দিনাখনে ৪০ লাখ টকা উপাৰ্জনেৰে কাঞ্চনজংঘাই ভংগ কৰিবলৈ সক্ষম হয় মিছন চাইনাৰ অভিলেখ।

ছবিখন বৰ্তমানলৈকে মুক্তিৰ প্ৰথম দিনটোতে সৰ্বাধিক উপাৰ্জন কৰা অসমীয়া চলচ্চিত্ৰ হিচাপে পৰিগণিত হৈছে।

তেজপুৰ, অৰুণাচল আদি ঠাইৰ মনোৰম লোকেশ্যন দৃশ্যগ্ৰহণ কৰা কাঞ্চনজংঘাত জুবিন গাৰ্গে নিজেই মুখ্য চৰিত্ৰত অভিনয় কৰিছে। আন আন মুখ্য চৰিত্ৰত আছে পবিত্ৰ ৰাভা, শশাংক শমিৰ, ৰুনু দেৱী ইত্যাদি।

অসমৰ লগতে কলকাতা, হায়দৰাবাদ, বাংগালুৰু, মুম্বাই,দিল্লীৰ ছবিগৃহতো কাঞ্চনজংঘাই মুক্তি লাভ কৰিছে।