তামুলপুৰত টেম্প’ আৰু স্কুটিৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত দুগৰাকী লোক

বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী মেনকা চাহ বাগিছাৰ সন্মুখত সোমবাৰে সংঘটিত হোৱা এটা শোকাৱহ পথ দুৰ্ঘটনাত দুগৰাকী লোক থিতাতে মৃত্যু হোৱাৰ লগতে চাৰি গৰাকী লোক গুৰুতৰভাৱে আহত হয়।
পথ দুৰ্ঘটনাটোত মৃত্যু হোৱা লোক দুগৰাকী হ’ল ক্ৰমে চিমিয়ন নাৰ্জাৰী আৰু অৰ্জুন মছাহাৰী।
আনহাতে, গুৰুতৰভাৱে আহত লোক কেইগৰাকী হৈছে ক্ৰমে-মনেশ্বৰ নাৰ্জাৰী, নন্দেশ্বৰ বসুমতাৰী, গোবৰ্ধন খাখলাৰী আৰু প্ৰদীপ নাৰ্জাৰী।
আহত আটাইকেইগৰাকী লোককে উন্নত চিকিৎসাৰ বাবে কুমাৰীকাটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
জানিব পৰা মতে, মেনকা চাহ বাগিছাৰ সন্মুখতে যাত্ৰীবাহী টেম্প’ এখনক বিপৰীত দিশৰ পৰা অহা এখন দ্ৰুতবেগী স্কুটিয়ে প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে।
এই মুখামুখি সংঘৰ্ষত স্কুটিত অহা দুয়োগৰাকী আৰোহীৰ ঘটনাস্থলীতে মৃত্যু হয় আৰু টেম্প’খনত থকা চাৰিগৰাকী আৰোহী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।
দুৰ্ঘটনাটোৰ পাছতে ঘটনাস্থলীত কুমাৰীকাটা আৰক্ষীৰ এটা দল উপস্থিত হৈ বাহন দুখন জব্দ কৰে।