NORTHEAST NOW (Assamese)
অসম

লোমহৰ্ষক! নামৰূপ নামৰূপত পত্নীক হত্যা কৰি পুতিলে শ্মশানত

Posted by: অক্ষয় প্ৰণব কলিতা Updated by: অক্ষয় প্ৰণব কলিতা October 9, 2018 9:11 pm
IMG-20181009-WA0175

নামৰূপ আৰক্ষী থানাৰ অন্তৰ্গত চামুগুৰিত এটা লোকমহৰ্ষক হত্যাকাণ্ড সংঘটিত হয়। যোৱা ১ অক্টোবৰত হত্যাকাৰী জিতেন কিসানে (২৭) তেওঁৰ পত্নী অনিতা কিসানক (২২) হত্যা কৰি শ্মশানত পুতি থৈ আহে।

হত্যাকাৰী জিতেনে কোৱা মতে তেওঁৰ পত্নীৰ অসুখ হৈ মৃত্যু হৈছে আৰু কেইজনমান লোকৰ দ্বাৰা তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হৈছে। কিন্তু হত্যাকাৰীৰ চুবুৰীয়া প্ৰত্যক্ষদৰ্শী এগৰাকীয়ে কৈছে যে অনিতাৰ কোনো অসুখ হোৱা নাছিল আৰু তেওঁ সুস্থ আছিল। তেওঁ ঘৰুৱা কাম-কাজ ঠিকে-ঠাকে কৰি আছিল বুলিও প্ৰত্যক্ষদৰ্শীজনে জনায়।

নামৰূপ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ঈশ্বৰ সিঙে কৈছে যে অনিতাৰ পৰিয়ালৰ লোক অহাৰ পাছত সকলো ঘটনা পৰিষ্ফুত হৈ পৰে।

আজি নামৰূপ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকী আৰু জিলা কাৰ্যবাহী দণ্ডাধীশ ৰুনভ ৰামচিয়াৰীয়ে গাঁতৰ পৰা মৃতদেহটো উলিয়াই আনে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

আৰক্ষীয়ে অপৰীধী জিতেন কিসান আৰু ককায়েকক গ্ৰেপ্চাৰ কৰে। ভাৰতীয় দণ্ডবিধিৰ ৩০২/২০১ ধাৰাত নামৰূপ আৰক্ষী থানাত (১৮১/১৮) এটা গোচৰ ৰুজু কৰা হৈছে।