NORTHEAST NOW (Assamese)
অসম

গুণোৎসৱৰ আৰম্ভণিতেই কেণা, কামৰূপত নিলম্বিত প্ৰধান শিক্ষয়িত্ৰী

Posted by: এন ই নাও নিউজ October 9, 2018 10:58 pm
Gunotsav-Assam-Result-750x375

অসমত সোমবাৰৰ পৰা আৰম্ভ হোৱা ২য় পৰ্য্যায়ৰ গুণোৎসৱৰ ১ম দিনাই প্ৰশ্ন কাকত ফাদিলৰ অভিযোগত তৎকালীনভাৱে নিলম্বিত হৈছে মোহিনী নাথ নামৰ এগৰাকী শিক্ষয়িত্ৰী।

নিলম্বিত নাথ কামৰূপ জিলাৰ বাইহাটা চাৰিআলি কৰৰা শিক্ষাখণ্ডৰ অন্তৰ্গত ৯৬১ নং খেহনিপাৰা নিম্ন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী।

শিক্ষা বিভাগৰ ফালৰ পৰা ঘটনাটো সন্দৰ্ভত বাইহাটা আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ উপৰি বিভাগীয় তদন্তও আৰম্ভ কৰা হৈছে।

লগতে পঢ়ক- ৰাজ্যত আৰম্ভ হৈছে দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ

ঘটনাটোত জড়িত থকাৰ সন্দেহত শিক্ষাখণ্ডটোৰ চি আৰ চি তথা বিদ্যালয়্খনৰে শিক্ষক চাহেনছাহ চুলতানকো আৰক্ষীয়ে আটক কৰিছিল। আটকাধীন চুলতানৰ ম’বাইলৰ পৰা প্ৰশ্নকাকত ভাইৰেল হোৱাৰ সন্দেহ কৰিছিল আৰক্ষীয়ে।

সদ্যহতে ঘটনাটো সন্দৰ্ভত আৰক্ষীয়ে মুখ খোলা নাই আৰু তদন্তৰ পিছত প্ৰকৃত দোষী পোহৰলৈ আহিব বুলি মন্তব্য কৰিছে।