NORTHEAST NOW (Assamese)
অসম

দুৰ্গা পূজাৰ পূৰ্বে ৰাজ্যিক কৰ্মচাৰীৰ বাবে সুখবৰ; পুনৰ ২ শতাংশ বৃদ্ধি পালে মৰগীয়া বানচ

Posted by: এন ই নাও নিউজ October 10, 2018 7:55 am
secretariat

দুৰ্গা পূজাৰ পূৰ্বে ৰাজ্যিক কৰ্মচাৰী সকলৰ বাবে আহিল আন এক সুখবৰ। পুনৰ দুই শতাংশ বৃদ্ধি পালে কৰ্মচাৰীসকলৰ মৰগীয়া বানচ। মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰতিশ্ৰুতি প্ৰদান কৰা অনুসৰি কৰ্মচাৰীসকলক ২ শতাংশ মৰগীয়া বানচ প্ৰদান কৰাৰ বাবে মঙলবাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে বিত্ত বিভাগে।

উল্লেখ্য যে কৰ্মচাৰীসকলে পহিলা জুলাইৰ পৰা বৰ্ধিত ডি এ লাভ কৰিব। এই বৰ্ধিত মৰগীয়া বানচৰ ফলত মাহিলি ৰাজকোষৰ পৰা অতিৰিক্তভাৱে ৫০ কোটি টকা ব্যয় হ’ব বুলি জানিব পৰা গৈছে।

আনহাতে, দুই শতাংশ ডি এ বৃদ্ধিৰ ফলত এতিয়াৰে পৰা ৰাজ্যিক কৰ্মচাৰীসকলৰ মৰগীয়া বানচ পূৰ্বৰ সাতৰ পৰা ন শতাংশলৈ বৃদ্ধি পাইছে।

মঙলবাৰে মুখ্য মন্ত্ৰী সোণোৱাল তথা বিত্ত বিভাগে প্ৰদান কৰা নিৰ্দেশনাক সদৌ অসম কৰ্মচাৰী পৰিষদে আন্তৰিকতাৰে আদৰণি জনোৱা পৰিলক্ষিত হয়।