NORTHEAST NOW (Assamese)
অসম

প্ৰথমবাৰৰ বাবে অসমত আৰম্ভ কৰিব বেবী লীগ ফুটবল টুৰ্ণামেণ্ট

Posted by: এন ই নাও নিউজ October 10, 2018 10:49 am
Baby league logo

সৰুৰে পৰা ফুটবল খেলুৱৈসকলক প্ৰতিযোগিতাৰ সুযোগ দিয়া আৰু ভৱিষ্যতে এগৰাকী তাৰকা হিচাপে প্ৰতিষ্ঠত কৰাৰ লক্ষ্য তথা উদ্দেশ্য আগত লৈ অসমত প্ৰথমবাৰলৈ অনুষ্ঠিত কৰিব গ্ৰেটাৰ গুৱাহাটী বেবী লীগ চমুকৈ জি জি বি এল ফুটবল টুৰ্ণামেণ্ট।

সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্যনে গ্ৰহণ কৰা বেবী লীগ আঁচনিৰ অধীনত স্প’ৰ্টছ ক্ৰাফ্‌ট মেনেজমেণ্ট আৰু গুৱাহাটী চিটি ফুটবল ক্লাবে অসম ফুটবল সন্থাৰ সহযোগত এই লীগৰ আয়োজন কৰিছে।

মঙলবাৰে অসম অলিম্পিক সন্থাৰ সভাগৃহত আয়োজিত এক সংবাদমেলত সিদ্ধাৰ্থ শংকৰ ডেকা, ৰংমন দাস, ডাৰিক ৰঞ্জন ডেকা, কৌস্তভ চক্ৰৱৰ্তী আৰু অসম ফুটবল সন্থাৰ সম্পাদক অংকুৰ দত্তই এই কথা সদৰী কৰে।

প্ৰতিযোগিতাখনত ৬ৰ পৰা ১৩ বছৰীয়া শিশুসকলক চাৰিটা ভাগত বিভক্ত কৰি এই লীগত অংশ লোৱাৰ সুযোগ দিয়া হ’ব।

নবেম্বৰৰ শেষ ভাগৰ পৰা প্ৰতি শনি আৰু দেওবাৰে বৃহত্তৰ গুৱাহাটীত আৰম্ভ হ’ব এই বেবী লীগ। লীগৰ প্ৰথম ছিজন চাৰি মাহ চলোৱাৰ সিদ্ধান্ত লোৱা হৈছে যদিও পাছলৈ ইয়াক ৬ মাহলৈ বৃদ্ধি কৰা হ’ব বুলি আয়োজকে সংবাদমেলত প্ৰকাশ কৰে।

উল্লেখ্য যে ৰাজ্যখনত ফুটবল সংস্কৃতি গঢ়ি তোলাৰ বাবে বেবী লীগ আৰম্ভ কৰা হৈছে আৰু ইয়াত ইচ্ছ্যুক ব্যক্তি, ক্লাব, একাডেমি, বিদ্যালয়, কোম্পানী, সংস্থা আদিয়ে দল গঠন কৰিব পাৰিব বুলি আয়োজকে জনোৱাৰ লগতে প্ৰতিযোগিতাখনৰ বিষয়ে আগ্ৰহী লোকসকলৰ বাবে ৭০০২৫-৭০৮৭০ আৰু ৯৭০৬৫-৭০২১৯ দুটা যোগাযোগ  নম্বৰো ইতিমধ্যে মুকলি কৰিছে।