NORTHEAST NOW (Assamese)
অসম

কোকৰাঝাৰৰ দহগৰাকী প্ৰতিযোগীলৈ ‘ডিভাইন নৰ্থ ইষ্ট- ২০১৮’ৰ খিতাপ 

Posted by: ৰিনয় বসুমতাৰী Updated by: ৰিনয় বসুমতাৰী October 11, 2018 7:24 pm
2aecba90-b454-11e8-81c9-1b431fd718bc-rimg-w526-h263-dcc75392-gmir

 

বিটিএডিৰ মুখ্য সদৰ কোকৰাঝাৰ তথা বিটিএডিৰ বাবে গৌৰৱৰ লগতে আনন্দ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে কোকৰাঝাৰৰ দহগৰাকী ফেশ্বন প্ৰতিযোগীয়ে। চলিত অক্টোবৰ মাহৰ ৫ তাৰিখে গুৱাহাটী মহানগৰীৰ আইটিএ মাছখোৱাত গাৰ্মিনেট গ্ৰুপৰ সহযোগত  ‘দ্য ষ্টৰি টেলাৰ্ছ’ৰ উদ্ধোগত আয়োজিত  ‘ডিভাইন নৰ্থ ইষ্ট ২০১৮’ নামৰ এটা ৰাজ্যিক পৰ্যায়ৰ ফেশ্বন শ্ব’ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি মুঠ ১৪ গৰাকীৰ মাজত দহগৰাকী প্ৰতিযোগীয়ে বিভিন্ন উপ নাম উপাধিৰে ফেশ্বন প্ৰতিযোগিতাৰ খিতাপ অৰ্জন কৰি বিটিএডি আৰু বিশেষকৈ কোকৰাঝাৰৰ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

বিভিন্ন উপ নাম( sub-title) উপাধিৰে বিজয়ী হোৱা প্ৰতিযোগীৰ মাজত আছে ক্ৰমে কোকৰাঝাৰ চহৰৰ দীপ্তি তালুকদাৰ(৪৬), ৱাৰ্ড নং ৮ ৰ হেলেনা বসুমতাৰী( ৩৪), নন্দিতা বসুমতাৰী(৮), প্ৰীতি মুছাহাৰী(৫) আৰু ৰুপশিখা নাথ (১৩) । তাৰে হেলেনা বসুমতাৰীয়ে বেষ্ট স্কিন, দীপ্তি তালুকদাৰ,  বিউটিফুল আই নন্দিতা বসুমতাৰীয়ে, ম’ষ্ট ফাংচুৱেল প্ৰীতি মুছাহাৰীয়ে ম’ষ্ট ফাংচুৱেল আৰু ৰুপশিখা নাথে  বেষ্ট স্টাইল আইকন উপ-উপাধি লাভ কৰিবলৈ সক্ষম হয়।

বিজয়ী প্ৰতিযোগীসকলে আজি কোকৰাঝাৰ প্ৰেছ ক্লাৱত সংবাদ মেল আয়োজন কৰি জনাই এই আনন্দৰ কথা।

কোকৰাঝাৰ চহৰৰ বহু সম্ভাৱনাময় বিজয়ী প্ৰতিযোগীয়ে ফেশ্বন জগতত নিজৰ- নিজৰ নাম উজলাবলৈ সমৰ্থ হোৱাৰ আঁৰত ঘৰৰ অভিভাৱক আৰু কোকৰাঝাৰৰ এগৰাকী ফেশ্বন জগতত নিজকে স্থাপন কৰিব পৰা তথা ভাইৰাছ এণ্ড এণ্টাৰটেইনমেণ্টৰ ৰাজ্যিক সঞ্চালক সমন্বয়ক নৱনিতা বট্ৰাক অহৰহ সহায় কৰা বুলি কৃতজ্ঞতা জ্ঞাপন কৰে। উপ নাম বিজয়ী সকলে ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাত প্ৰতিদ্বন্দ্বিতা কৰি বিজয়ীৰ খিতাপ দখল কৰিবলৈ সক্ষম হোৱাত কোকৰাঝাৰত আনন্দৰ জোৱাৰ উঠে। বিজয়ী হোৱাত উৎফুল্লিত হৈ পৰিছে বিজয়ী সকল আৰু পৰিয়ালবৰ্গসহ তেওঁলোকৰ অনুৰাগীসকল।