NORTHEAST NOW (Assamese)
অসম

জুনু শৰ্মাৰ হত্যা: ষ্টে’ট বেংকৰ কৰ্মচাৰীসহ ৩ জনক আৰক্ষীৰ জিম্মাত

Posted by: মৃদুল প্ৰীতম ডেকা October 14, 2018 9:54 pm
Dadara police three arrested Junu Sharma murder on 14-10-18.Pix by UB Photos

গুৱাহাটীৰ কাষৰীয়া আগিয়াথুৰিত গাড়ীৰ ভিতৰতে গুলীয়াই মৰা ষ্টে’ট বেংকৰ বিষয়া জুনু শৰ্মাৰ হত্যাকাণ্ডত জৰিত থকাৰ সন্দেহত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অভিযুক্ত ৩গৰাকীক দেওবাৰে আৰক্ষীৰ জিম্মাত দিছে হাজোৰ প্ৰথম শ্ৰেণীৰ আদালতে।

আদালতে ১৪ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা অভিযুক্তকেইজন হৈছে জুনু শৰ্মাই কাম কৰা এচ বি আইৰ দদৰা শাখাৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ পুতুল আলী ওৰফে চাদ্দাম হুচেইন, বেংকটোৰ চাকৰিয়াল সুনীল কুমাৰ মিশ্ৰ আৰু হত্যাৰ বলি হোৱা বিষয়াগৰাকীৰ গাড়ী চালক প্ৰণৱ কলিতা।

লগতে পঢ়ক– পথতে গুলীয়াই হত্যা ষ্টে’ট বেংকৰ মহিলা বিষয়াক

শনিবাৰে নিশা আৰক্ষীয়ে আটাইকেইজন অভিযুক্তকে গ্ৰেপ্তাৰ কৰিছিল।

দদৰা শাখাৰ পৰিচালকজনকো আৰক্ষীয়ে পূৰ্বে সোধ-পোচ কৰিছিল।

বেংকটোত সংঘটিত দুৰ্নীতি আৰু ঋণৰ ক্ষেত্ৰত হোৱা কেলেংকাৰি গাপ দিয়াৰ বাবেই জুনু শৰ্মাক হত্যা কৰা হৈছিল বুলি নিহত বিষয়াগৰাকীৰ স্বামীয়ে সন্দেহ প্ৰকাশ কৰিছিল।